অসম

assam

Jhanji River

ETV Bharat / videos

Jhanji River: অস্বাভাৱিকভাৱে বৰণ সলনি হৈছে জাঁজী নৈৰ; মৃত্যু হৈছে মৎস্যকুলৰ

By

Published : Jun 8, 2023, 10:00 PM IST

যোৰহাট, 8 জুন: উজনি অসমৰ অন্যতম এখন গুৰুত্বপূৰ্ণ নদী জাঁজী নৈৰ পানী অস্বাভাৱিকভাৱে পৰিৱৰ্তন হৈছে ৷ পানীৰ বৰণ সঘনাই সলনি হৈ ঠাইয়ে ঠাইয়ে সেউজীয়া আৰু ক’লা বৰণৰ হৈ পৰিছে ৷ প্ৰদূষিত পানীৰ পৰা দুৰ্গন্ধ ওলোৱাৰ লগতে মৃত্যু হৈছে মৎস্যকুলৰ (Abnormal change in Jhanji River)  ৷  

ইয়াকে লৈ এতিয়া শংকিত হৈ পৰিছে নৈ পৰীয়া লোকসকল ৷ উল্লেখ্য যে জাঁজী নৈৰ পানী দাঁতি-কাষৰীয়া লোকসকলে প্ৰায় সকলো কামতে ব্যৱহাৰ কৰি আহিছে ৷ যাৰ ফলত নৈখনৰ কাষৰীয়া লোকসকলৰ দেহত চালৰ ৰোগৰ লগতে বিভিন্ন ৰোগে দেখা দিছে ৷ লক্ষণীয় কথাটো হ’ল যে নৈৰ পানী সেৱন কৰা ফলত মৃত্যু হৈছে গাহৰি আৰু হাঁহৰ (Water quality of Jhanji river) ৷  

মাছৰ প্ৰজননৰ সময়ত মৎস্য চিকাৰ কৰি জীৱিকা নিৰ্বাহ কৰা লোকসকলো চিন্তিত হৈ পৰিছে ৷ সেয়েহে স্থানীয় ৰাইজে নৈখনৰ পানীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ জৰিয়তে উপযুক্ত সমাধান দিবলৈ যোৰহাট জিলা উপায়ুক্তগৰাকীৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ৷  

লগতে পঢ়ক:Heat waves in Assam:সাগৰীয় এল লিন'ৰ প্ৰভাৱত বৃদ্ধি পাইছে উষ্ণতা

ABOUT THE AUTHOR

...view details