Half-litre water bottles banned: আধা লিটাৰৰ পানী বটল বন্ধ কৰাক অসন্তুষ্ট ৰাইজ - আধা লিটাৰৰ পানী বটল বন্ধ কৰাক অসন্তুষ্ট ৰাইজ
Published : Sep 29, 2023, 7:53 PM IST
গুৱাহাটী,২৯ ছেপ্টেম্বৰ:দুই অক্টোবৰলৈ মাজত মাথো দুদিন । ৰাজ্যত ২ অক্টোবৰৰ পৰা বন্ধ হ'ব ১ লিটাৰৰ তলত পানীৰ বটল । প্ৰদূষণ ৰোধ কৰা আৰু নলা চাফা ৰখাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ । এই পদক্ষেপৰ পিছতে চিন্তিত হৈছে ব্যৱসায়ী তথা সচেতন মহল । এই বিষয় সন্দৰ্ভত সচেতন মহলে কয় যে, ১ লিটাৰৰ তলত পানীৰ বটল বন্ধ কৰাৰ ফলত এক সমস্যাৰ সৃষ্টি হ'ব । হঠাৎ চৰকাৰে এই সিদ্ধান্ত লোৱাৰ ফলত সাধাৰণ মানুহে পানী খোৱাৰ পৰা বঞ্চিত হ’ব লাগিব ।
বিকল্প উলিয়াই এই পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল । কিয়নো আধা লিটাৰৰ পানীৰ বটল এটা ১০ টকাত ক্ৰয় কৰিছিল । কিন্তু এতিয়া ২০ টকাৰ পানীৰ বটল ক্ৰয় কৰিবলৈ বহু লোকৰ সামৰ্থ নাই । সেইসকলে পানী ক্ৰয় কৰি খোৱাৰ পৰা বঞ্চিত হ'ব । যদি চৰকাৰে এক লিটাৰৰ তলৰ খোৱা পানীৰ প্লাষ্টিকৰ বটল বন্ধ কৰে তেতিয়ালে বিভিন্ন কোম্পানীয়ে প্ৰস্তুত কৰি উলিওৱা শীতল পানীয়ৰ এক লিটাৰৰ তলৰ প্লাষ্টিকৰ বটলসমূহ বন্ধ কৰিবলৈ দাবী জনায় ।
আনহাতে পানীৰ বটল বিক্ৰী কৰা ব্যৱসায়ীসকলে কয় যে, ১০ টকীয়া আধা লিটাৰ পানীৰ বটল সৰ্বাধিক বিক্ৰী হয় । আধা লিটাৰৰ পানীৰ বটল বন্ধ কৰিলে গ্ৰাহকেও সমস্যাৰ সন্মুখীন হব আৰু ব্যৱসায়তো প্ৰভাৱ পৰিব । উল্লেখ্য যে অহা দুই অক্টোবৰৰ পৰা এক লিটাৰৰ তলৰ পানীৰ বটল বন্ধ কৰা পিচত অহা বছৰ ২০২৪ বৰ্ষৰ ২ অক্টোবৰৰ পৰা ১ লিটাৰৰ পানীৰ বটলো নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ।
লগতে পঢ়ক:Package Drinking water : ২০২৪ চনৰ অক্টোবৰলৈ আধা লিটাৰৰ পানী বটল বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ আহ্বান