অসম

assam

ETV Bharat / videos

Vulture death in Majuli: সত্ৰ নগৰী মাজুলীত শগুণৰ অস্বাভাৱিক মৃত্য়ুত চিন্তিত প্ৰকৃতিপ্ৰেমী - Wildlife Rescue Treatment and Rehabilitation

🎬 Watch Now: Feature Video

মাজুলীত অচেতন অৱস্থাত উদ্ধাৰ দুষ্প্ৰাপ্য শগুণ

By

Published : Feb 22, 2023, 1:07 PM IST

মাজুলী, ২২ ফেব্ৰুৱাৰী:সত্ৰ নগৰী মাজুলীত মঙলবাৰে ৬টা শগুণৰ অপমৃত্য়ু হয় (Vulture death at Majuli)। জিলাখনৰ বাঘৰ গাঁৱৰ বোকাবিল পথাৰত মঙলবাৰে অচেতন অৱস্থাত উদ্ধাৰ হয় ২০ টাকৈ দুষ্প্ৰাপ্য শগুণ । স্থানীয় লোকে এই ঘটনাটো পত্যক্ষ কৰি দুষ্প্ৰাপ্য শগুণ কেইটাৰ ওচৰলৈ গৈ বন বিভাগৰ সৈতে যোগাযোগৰ চেষ্টা কৰে । ইয়াৰ মাজতেই চিকিৎসাৰ বাবে একাংশ ৰাইজে ৰতনপুৰ পশু চিকিৎসালয়ৰ চিকিৎসকক খবৰ দিয়ে ।

মঙলবাৰে মাজুলীৰ বোকাবিল পথাৰত এই দৃশ্যটো প্ৰত্য়ক্ষ কৰাৰ পিছতেই কি কাৰণে দুষ্প্ৰাপ্য শগুণকেইটা অচেতন হৈ পৰি আছে সেই বিষয়ে জানিবলৈ স্থানীয় ৰাইজে চেষ্টা কৰে (Six Vulture death at Bokabill Pathar in Majuli)। এই স্থানত এটা মৃত গৰুৰ ওচৰত শগুণৰ জাকটো অচেতন হৈ পৰি থকালৈ চাই মৃত গৰুটো ভক্ষণ কৰাৰ ফলতেই বিষক্ৰিয়া হৈ এনে হোৱা বুলি সন্দেহ কৰিছে । 

স্থানীয় লোকে এই ঘটনাটো পত্যক্ষ কৰি ৰতনপুৰ পশু চিকিৎসালয়ত খবৰ দিয়াৰ পিছতেই প্ৰণৱ কোচৰ নেতৃত্বত এটা চিকিৎসকৰ দল ঘটনাস্থলীত উপস্থিত হৈ অচেতন অৱস্থাত থকা শগুণৰ জাকটোৰ চিকিৎসা আগবঢ়ায় । পাছত ঘটনাস্থলীৰ পৰা ৬ টা শগুণ সুস্থ হৈ উৰা মাৰে । ইয়াৰ বিপৰীতে ৬টা শগুণৰ মৃত্যু হয় । চিকিৎসক দলটোৰ প্ৰচেষ্টাতেই ৮ টাকৈ শগুণ সুস্থ হোৱাত এই শগুণকেইটাক বন বিভাগৰ সহযোগত উন্নত চিকিৎসাৰ বাবে দুৰ্গত বন্য প্ৰাণী উদ্ধাৰ ,চিকিৎসা আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় (Wildlife Rescue Treatment and Rehabilitation Centre) ৷ 

ইপিনে, গৰু ভক্ষণ কৰা বাবেই নে অন্য় কোনো কাৰণত এনে হ'বলৈ পালে সেই বিষয়ে ৰতনপুৰ পশু চিকিৎসালয়ৰ চিকিৎসকেও নিশ্চিত হ'ব পৰা নাই (Ratanpur Veterinary Hospital)। এই ঘটনাটোক লৈ প্ৰকৃতিপ্ৰমী ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে । কিয়নো ইয়াৰ পূৰ্বেও মাজুলীত দুষ্প্ৰাপ্য শগুণৰ অস্বাভাৱিকভাৱে মৃত্য়ু হৈছিল । 

লগতে পঢ়ক:GHC Show Cause Notice : হোমিঅ'পেথিক কলেজ বন্ধৰ সিদ্ধান্ত; ৰাজ্য চৰকাৰলৈ কাৰণ দৰ্শোৱাৰ জাননী উচ্চ ন্যায়ালয়ৰ

ABOUT THE AUTHOR

...view details