অসম

assam

ভোটাৰ্চ পাৰ্টিৰ অৱস্থান ধৰ্মঘট

ETV Bharat / videos

Protest in Guwahati:জোনমণি ৰাভাৰ মৃত্য়ুৰ চি বি আই তদন্তৰ দাবী ভোটাৰ্চ পাৰ্টিৰ - Voters Partys strike in Guwahat

By

Published : May 18, 2023, 4:15 PM IST

গুৱাহাটী, ১৮ মে':বৃহস্পতিবাৰে দ্বাদশ দিনাও চচলত অব্যাহত ভোটাৰ্চ পাৰ্টিৰ অৱস্থান ধৰ্মঘট (Voters Partys strike in Guwahati)। প্ৰতিবাদস্থলীত অসম আৰক্ষীৰ বিষয়া জোনমণি ৰাভাই দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লোৱাত আৰক্ষী বিষয়াগৰাকীৰ আত্মাৰ শান্তিৰ কাৰণে মৌন প্ৰাৰ্থনা জনাই প্ৰতিবাদকাৰীসকলে । আৰক্ষী বিষয়াগৰাকীৰ মৃত্যু সহজভাৱে নলয় বুলি উল্লেখ কৰি ভোটাৰ্চ পাৰ্টিয়ে উক্ত দুৰ্ঘটনাৰ চি বি আইৰ দ্বাৰা তদন্ত কৰাৰ বাবে চৰকাৰক দাবী জনাইছে । তদুপৰি ইয়াৰ অন্তৰালত গোপন ৰহস্য থকা বুলি অভিযোগ কৰি এই ৰহস্য উদঘাটন কৰি আৰক্ষী বিষয়াগৰাকীৰ পৰিয়ালক ন্যায় প্রদান কৰাৰো দাবী উত্থাপন কৰে ভোটাৰ্চ পাৰ্টিয়ে (Guwahati protest news)।

উল্লেখ্য যে, প্ৰতিকূল বতৰকো নেওচি নিৰবিচ্ছিন্নভাবে আজি দ্বাদশ দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজে প্ৰতিবাদী কাৰ্যসূচীত সহযোগ কৰে । ধৰ্মঘটকাৰীসকলে এখন তিৰপালৰ তলত ৰাতি মহ আৰু প্ৰতিকূল বতৰৰ সৈতে যুঁজি চৰকাৰ প্ৰশাসনৰ সমৰ্থন আদায়ৰ চেষ্টা অব্যাহত ৰাখিছে । নৱ প্ৰজন্মক সুৰক্ষিত স্থানত অৱস্থান কৰোৱাৰ লগতে এখন  আদৰ্শ ৰাষ্ট্ৰ  বানমুক্ত তথা কৰ্ম-সংস্কৃতিৰ অসম গঢ়িবৰ বাবেই এই অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰা হৈছে ।  

এই অৱস্থান ধৰ্মঘটৰ নেতৃত্ব বহন কৰি ৰাজ্যিক সভাপতি ললিত পেগুৱে কয় যে এয়া বৰষুণৰ পানীহে, বানপানী নহয় । কেইদিনমান পিছত অসমৰ জনসাধাৰণে মাহৰ পিছত মাহ ধৰি বানৰ কবলত লঘোণে অনিদ্ৰাৰে জীৱন কটাব লাগিব । অসম চৰকাৰক সমালোচনা কৰি পেগুৱে কয় , "এনে  চৰকাৰৰ পৰা আমি বিশেষ আশা নকৰো । কিয়নো জনজীৱনৰ কথাতো বাদেই, নিজৰ অধীনস্থ কৰ্মচাৰীকো ৰাজ্য চৰকাৰে মৰ্যদাৰ বেতন দিব পৰা নাই। যাৰ ফলত ৰাজ্যৰ চাৰিওফালে ঘোচখোৰৰ দপদপনি আৰম্ভ হৈছে ।

লগতে পঢ়ক:Junmoni Rabha mysterious death: জোনমণি ৰাভাৰ মৃত্যুৰে সম্পৰ্ক আছে নেকি ৰুণাৰ! হাচিনা বেগমৰে বাৰ্তালাপৰ অডিঅ’ ভাইৰেল

ABOUT THE AUTHOR

...view details