অসম

assam

ETV Bharat / videos

Pijush Hazarika in Morigaon: নৱ প্ৰজন্মই ক্ৰীড়াৰ জৰিয়তে ৰাষ্ট্ৰ গঠন কৰক: পীযুষ হাজৰীকা - আমন্ত্ৰণমূলক ভলিবল খেল প্ৰতিযোগিতা

By

Published : Jan 28, 2023, 10:54 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

মৰিগাঁও, 28 জানুৱাৰী :শনিবাৰে মৰিগাঁও জিলাৰ জাগীভকত গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উপস্থিত হৈ জাগীৰোড বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ জলসম্পদ আৰু তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই (Pijush Hazarika in Morigaon) এক শ্ৰদ্ধাঞ্জলি তথা খেলপথাৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি ক্ৰীড়াৰ জৰিয়তে যুৱক, যুৱতীসকলক নিজৰ কেৰিয়াৰ গঢ়ি তোলাৰ বাবে আহবান জনায়  ।

লগতে তেওঁ উঠি অহা নৱ প্ৰজন্মক ক্ৰীড়াৰ জৰিয়তে চৰিত্ৰ গঠন আৰু চৰিত্ৰৰ জৰিয়তে ৰাষ্ট্ৰ গঠনৰ লক্ষ্য স্থিৰ কৰিবলৈ আহ্বান জনায় ৷ উক্ত খেলপথাৰখনৰ মুকলি উপলক্ষে আমন্ত্ৰণমূলক ভলীবল খেল প্ৰতিযোগিতাৰো আয়োজন কৰে স্প’ৰ্ষ্টচ ষ্টাৰ ক্লাৱে (Volleyball tournament organised in Morigaon)। ক্লাৱটোৰ সদ্য প্ৰয়াত সভ্য ক্ৰমে অতুল বৰুৱা, মিন্টু কুমাৰ বৰা, সীমান্ত বৰা আৰু হিমাংশু ৰাজখোৱাৰ স্মৃতিত আয়োজন কৰা হয় উক্ত খেলখনৰ ৷

এই খেলখনৰ উদ্বোধনী ভাষণত মন্ত্ৰী হাজৰীকাই মৰিগাঁও জিলাৰ তথা জাগীৰোড সমষ্টিৰ ক্ৰীড়া প্ৰেমী আৰু খেলুৱৈসকলক উদগনি যোগান ধৰাৰ লক্ষ্যৰে খেলপথাৰখন অধিক উন্নয়ন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে (Volleyball tournament in Morigaon)। লগতে কপিলী দলঙৰ কাষৰ প্ৰায় পাঁচশ মিটাৰজোৰা খহনীয়া ৰোধ কৰি নদীৰ পাৰত অৱস্থিত প্ৰতিষ্ঠানসমূহ ৰক্ষা কৰা হ'ব বুলিও ঘোষণা কৰে।

আনহাতে জাগী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰাজুমনি শইকীয়াই আঁত ধৰা উদ্বোধনী সভাখনতেই অকালতে বিয়োগ হোৱা স্প’ৰ্ষ্টচ ষ্টাৰ ক্লাৱৰ চাৰিগৰাকী সক্ৰিয় বিষয়ববীয়াৰ ফটোত মাল্যাৰ্পন কৰাৰ লগতে পৰিয়ালৰ লোকসকলে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

লগতে পঢ়ক :Football competition at Diphu : বৰজানক হৰুৱাই ফাইনেলত প্ৰৱেশ লুম্বাজং দল

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details