অসম

assam

বিষয়াৰ চকীত বহি বান্দৰে লুটিয়াইছে ফাইল...

ETV Bharat / videos

Viral Video: বিষয়াৰ চকীত বহি বান্দৰে লুটিয়াইছে ফাইল... - বুদ্ধিমান বান্দৰ

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 2:09 PM IST

নেশ্যনেল ডেস্ক, 17 অক্টোবৰ :এটা বুদ্ধিমান বান্দৰ ৷ বান্দৰটোৱে পঢ়িব পাৰে, বান্দৰটোৱে বুজি পায় কামৰ দায়িত্বভাৰ ৷ সামাজিক মাধ্যমত এতিয়া ব্য়াপক চৰ্চা লাভ কৰিছে বান্দৰটোৱে ফাইলৰ পৃষ্ঠি লুটিয়াই থকাৰ দৃশ্য ৷ উত্তৰ প্ৰদেশৰ ছাহাৰনপুৰত সংঘটিত হৈছে এই ঘটনা ৷ 

ভাইৰেল ভিডিঅ’টোত, বান্দৰটোৱে বিষয়া এজনৰ চকীত বহি তেওঁৰ সন্মুখত ৰখা ফাইলবোৰ সাৱধানে লুটিয়াই থকা দেখা গৈছে ৷ লগে লগে এই দৃশ্য কাৰ্যালয়ত উপস্থিত থকা কৰ্মচাৰীসকলে চাই আমোদ লৈছে ৷ কিছু কিছু লোকে ফোনত বন্দী কৰিছিল সেই আমোদজনক ভিডিঅ’ ৷  

তাৰ পিচতে, কিছু কৰ্মচাৰীয়ে বান্দৰটোক চকীখনৰ পৰা আঁতৰাবলৈ চেষ্টা কৰি বান্দৰটোক কল খাবলৈ দিয়ে ৷ কিন্তু বান্দৰটোৰ কলটোলৈ কোনো ভ্ৰূক্ষেপ নাই ৷ বান্দৰটোৱে পুনৰ ফাইলসমূহ চোৱাতহে ব্যস্ত৷ ইয়াৰ পিচত, কৰ্মচাৰীসকলে কলটো আঁতৰাই দি বান্দৰটোলৈ পুনক কলটো আগবঢ়াই দিয়ে ৷ কিন্তু এইবাৰো বান্দৰটোৱে কল নলয় আৰু ফাইলবোৰ চোৱাতহে ব্যস্ত থাকে ৷  

এই ভাইৰেল ভিডিঅ’টো তিনিদিনৰ পূৰ্বে 12 অক্টোবৰত বেহাট তহচিলৰ পঞ্জীয়ন বিভাগৰ বুলি জানিব পৰা গৈছে ৷ পৰৱৰ্তী সময়ত বান্দৰটো নিজেই তহচিলৰ পৰা ওলাই আহে ৷ বান্দৰটোৱে কাগজ বা ফাইলৰ কোনোধৰণৰ ক্ষতিসাধন কৰা নাছিল ৷ বান্দৰৰ বিষয়ে ইতিমধ্যে বন বিভাগক খবৰ দিয়া হৈছে ৷ 

লগতে পঢ়ক:Amazon hits low levels: কেতিয়া সংকটমুক্ত হ’ব সৰ্ববৃহৎ বৰ্ষাৰণ্য আমাজন?

ABOUT THE AUTHOR

...view details