Junmoni Rabha viral phone recording: জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত এটা ভাইৰেল ফোনকলে সৃষ্টি কৰিছে অধিক ৰহস্যৰ - Junmoni Rabha death controversy
নিউজ ডেস্ক, 18 মে’: অধিক ৰহস্যঘন হৈ পৰিছে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা ৷ বুধবাৰে এগৰাকী প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা যুৱকে দুৰ্ঘটনাৰ বৰ্ণনা দিয়াৰ পাচত এইবাৰ ভাইৰেল হৈছে সমগ্ৰ ঘটনা সন্দৰ্ভৰ্ত এটা ফোন ৰেকৰ্ডিং ৷ এজন লোকে বৰ্ণনা কৰিছে কেতবোৰ বিস্ফোৰক বিষয় (Suspicious death of SI Junmoni Rabha) ৷
ব্যক্তিগৰাকীয়ে উল্লেখ কৰা মতে, দুৰ্ঘটনাৰ পূৰ্বেই হত্যা কৰা হৈছিল জোনমণিক ৷ ৰডেৰে প্ৰহাৰ কৰি কৰা হৈছিল হত্যা ৷ জোনমণিৰ গাড়ীখন চলাইছিল হয়বৰগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাই ৷ দুৰ্ঘটনাৰ পূৰ্বে অস্থিৰ দেখা গৈছিল নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীক (Junmoni Rabha death controversy) ৷
বিশেষ ব্যক্তিগৰাকীয়ে ফোন কলটোত উল্লেখ কৰা মতে, সেই নিশা নগাঁৱৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিলিত হৈছিল এছ পি বাংলোত৷ জোনমণিক পূৰ্বে হত্যা কৰি কলিয়াবৰলৈ গাড়ীৰে লৈ যোৱা বুলি চাঞ্চল্যকৰ মন্তব্য কৰিছে ব্যক্তিজনে (Viral phone recording of Junmoni Rabha death) ৷ চাওক সবিশেষ...