অসম

assam

Goalpara Congress

ETV Bharat / videos

Goalpara Congress: গোৱালপাৰা জিলা কংগ্ৰেছ কাৰ্যালয়ত উত্তেজনা; দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

By

Published : Aug 19, 2023, 4:01 PM IST

Updated : Aug 19, 2023, 9:31 PM IST

গোৱালপাৰা, 19 আগষ্ট:গোৱালপাৰাত শনিবাৰে অনুষ্ঠিত হোৱা জিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা একপ্ৰকাৰ কুৰুক্ষেত্ৰত পৰিণত হয় ৷ সভা চলি থকা সময়তে পূৱ গোৱালপাৰা আৰু পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়কৰ সমৰ্থকৰ মাজত দুৰ্বাদল সংঘৰ্ষ হয় । উভয় পক্ষৰ মাজত হতাহতি হোৱাৰ লগতে সভাথলীৰ চকী-মেজ ভাঙি চুচুৰ্মৈ কৰে ৷ পাছত আৰক্ষী আৰু চি আৰ পি এফ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

উল্লেখ্য যে বিগত বিধানসভা নিৰ্বাচনত গোৱালপাৰা জিলাৰ চাৰিওটা বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ বিধায়কে জয়লাভ কৰিছে । কিন্তু পূৱ গোৱালপাৰাৰ বিধায়ক এ কে ৰছিদ আলম আৰু পশ্চিম গোৱালপাৰাৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ মাজত দীৰ্ঘদিনে এক শীতল যুদ্ধ চলি থকা কংগ্ৰেছৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰিছে । সূত্ৰটোৰ মতে জিলা কংগ্ৰেছৰ সভাপতি পদত নিজ পছন্দৰ ব্যক্তিক অধিষ্ঠিত কৰোৱাৰ বাবে দুয়ো বিধায়কৰ মাজৰ ব্যৱধান অধিক বৃদ্ধি পায় ।

এনে সময়তে নিৰ্বাচন আয়োগে সমষ্টিৰ সীমা নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ কৰাত ঘটনাই নতুন মোৰ লয় । কাৰণ গোৱালপাৰা পশ্চিম সমষ্টিৰ সীমা নিৰ্ধাৰণ কৰি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণ কৰাত সমষ্টিটোৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডল বিপাঙত পৰে । তেওঁৰ সমষ্টিৰ সংখ্যালঘু প্ৰধান অঞ্চলসমূহ কৰ্তন কৰি জলেশ্বৰ সমষ্টিত সংলগ্ন কৰা হয় ।  

ফলত বিধায়কগৰাকীয়ে অহা বিধানসভা সমষ্টিৰ নিৰ্বাচনত গোৱালপাৰা পশ্চিম সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব । তেওঁ জলেশ্বৰ সমষ্টি নতুবা গোৱালপাৰা পূৱ সমষ্টিৰ পৰাহে প্ৰতিদ্বন্দিতা কৰাৰ পথ মুকলি আছে ।  

যাৰ ফলত জলেশ্বৰৰ বিধায়ক আফতাবুদ্দিন মোল্লা আৰু গোৱালপাৰা পশ্চিম সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমৰ লগত গোৱালপাৰা পশ্চিম সমষ্টিৰ আব্দুৰ ৰছিদ মণ্ডলৰ ব্যৱধান অধিক বৃদ্ধি পায় বুলি কংগ্ৰেছ সূত্ৰটোৱে প্ৰকাশ কৰে । তেওঁলোকৰ মাজত চলি থকা শীতল যুদ্ধৰেই বহিঃপ্ৰকাশ শনিবাৰৰ ঘটনা বুলি জানিব পৰা গৈছে ৷  

জানিব পৰা মতে শনিবাৰে সভা চলি থকা অৱস্থাতে জিলা কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক (বিধায়ক আব্দুৰ ৰছিদ মণ্ডল ফৈদৰ) ছাহাৰ আলীয়ে থিয় হৈ কয় যে সমষ্টিৰ সীমা নিৰ্ধাৰণৰ পিছত তেওঁলোকে কেৱল গোৱালপাৰা পূৱ সমষ্টিয়েই নহয় জলেশ্বৰ সমষ্টিতো স্থান নাপায় । এই কথা কোৱাৰ লগে লগেই একাংশই ইয়াৰ তীব্ৰ বিৰোধ কৰে । লগে লগে বিতৰ্ক আৰম্ভ হয় ।

এটা সময়ত পৰিস্থিতি উত্তপ্ত হৈ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ কৰ্মী-সমৰ্থকৰ লগত আন ফৈদৰ কৰ্মী-সমৰ্থকৰ মাজত হতাহতি আৰম্ভ হয় । পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষীয়ে মৃদু লাঠিচালনা কৰিবলগীয়া হয় । ফলত সংঘাতত লিপ্তসকলে ছত্ৰ ভংগ দিয়ে । অৱশ্যে এই ঘটনা সংক্ৰান্তত কংগ্ৰেছৰ জিলা কিম্বা প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই বৰ্তমানলৈ মুখ খোলা নাই ৷

গোৱালপাৰা কংগ্ৰেছৰ জিলা কাৰ্যালয়ত শনিবাৰে অনুষ্ঠিত হৈছিল এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভা ৷ এই সভাত উপস্থিত আছিল সৰ্বভাৰতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক পৃথিৰাজ কৌৰ সাথেও ৷

লগতে পঢ়ক:Debabrata Saikia: বিশ্বগুৰু নহয়, প্ৰকৃততে প্ৰধানমন্ত্ৰী মোদী দুৰ্নীতিৰ গুৰু; দেৱব্ৰত শইকীয়া

Last Updated : Aug 19, 2023, 9:31 PM IST

ABOUT THE AUTHOR

...view details