Violation of labour laws: ইটাভাটাত নিয়োজিত শিশু শ্ৰমিক - Violation of labour laws
যোৰহাট জিলাৰ পশ্চিম প্ৰান্তত থকা একাংশ ইটাভাটাই প্ৰশাসন যন্ত্ৰক বুঢ়াআঙুলি দেখুৱাই উলংঘা কৰিছে শ্ৰমিক আইন(Violation of labour laws) । উত্তৰ পশ্চিম যোৰহাটৰ ম’হবন্ধাত অৱস্থিত সুনীল পৃথানী মালিকাধীন এই ইটাভাটাটোৱে অধিক মুনাফা লাভৰ স্বাৰ্থত কণ কণ শিশুক কামত ব্যৱহাৰ কৰি আহিছে । ভ্ৰুক্ষেপ নাই ইটাভাটাটোৰ মালিক পক্ষৰ । যিটো সময়ত এইসকল শিশু বিদ্যালয়মুখী হ'ব লাগিছিল, সেইসময়ত এইসকল শিশুক ইটাভাটাত কাম কৰিবলৈ বাধ্য কৰাইছে ইটাভাটাটোৰ মালিক পক্ষই । ইটাভাটাটোত শিশু শ্ৰমিক নিয়োগ কৰা কৰ্তৃপক্ষৰ বিৰুদ্ধে বিয়াগোম শ্ৰম বিভাগে কিয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই সেয়া এক লক্ষ্যনীয় বিষয় হৈ পৰিছে । আনহাতে প্ৰদূষণ বিভাগৰ যিসমূহ নীতি-নিয়ম, সেইসমূহ জলাঞ্জলি দিছে সুনীল পৃথানী মালিকাধীন ইটাভাটাটোৱে । আনহাতে উক্ত ইটাভাটাটোৱে ব্যাপক হাৰত কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি ইটাভাটাৰ সাম্ৰাজ্য বিস্তাৰ কৰি আহিছে । উক্ত ইটাভাটাটোৰ বাবে কাষৰীয়া কৃষিভূমি ছন পৰি ৰৈছে । শ্ৰমিক আইন উংলঘন কৰাৰ লগতে প্ৰদূষণ বিভাগৰ নীতি নিয়ম ভৰিৰে মোহাৰি পেলোৱা সুনীল পৃথানীৰ মালিকাধীন উক্ত ভাটাটোৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে জানিব পৰা যাব ।
Last Updated : Feb 3, 2023, 8:36 PM IST