অসম

assam

ETV Bharat / videos

Illegal sand mining: আই নৈত চলা শিল বালিৰ অবৈধ খননৰ বিৰুদ্ধে প্ৰতিবাদ - অবৈধ খননৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Nov 30, 2022, 1:15 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

চিৰাঙৰ বেংতলত আই নৈত অবৈধভাৱে গঢ়ি উঠা শিল-বালিৰ মহলৰ বিৰুদ্ধে ওলাই আহিল স্থানীয় ৰাইজ (Villagers protest against Illegal sand mining)। বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ ঘৰৰ নিচেই কাষতে চলা শিল বালিৰ এই অবৈধ মহলে অঞ্চলটোৰ কেইবাখনো গাঁৱৰ বাবে কঢ়িয়াই আনিছে চৰম ভাবুকি । শিল বালিৰ এই অবৈধ মহলে যি ফালেই খনন চলায়, বাৰিষাত আই নৈয়ে গতিও সেইফালে লয় । ফলত বৃদ্ধি পায় খহনীয়া ৷ সেয়ে কেইবাখনো গাঁও খহনীয়াত জাহ যোৱাৰ আশংকাত শিল বালিৰ মহলসমূহ বন্ধৰ বাবে এনেদৰে উলাই আহিল ৰাইজ । উল্লেখ্য যে কিছুদিন পূৰ্বেও এই মহলৰ বিৰুদ্ধে ৰাইজ ওলাই আহি সাব্যস্ত কৰিছিল প্ৰতিবাদ ৷ কিন্তু এই ক্ষেত্ৰত সম্পূৰ্ণ নিৰৱ ভূমিকা পালন কৰাৰ অভিযোগ বন বিভাগৰ বিৰুদ্ধে ৷
Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

...view details