পহিলা মাঘত চুঙা চাউল খোৱাৰ পৰম্পৰা অব্যাহত টীয়কত - Sunga Chaul
Published : Jan 16, 2024, 9:36 PM IST
টীয়ক, 16 জানুৱাৰী: আজি পহিলা মাঘ । উৰুকাৰ নিশা নিজৰ ইষ্ট কুটুম্ব, লগ-বন্ধুৰ সৈতে ভেলাঘৰ সাজি হাঁহে-মাহে এসাজ খোৱাৰ পাছত সংক্ৰান্তিৰ দিনা পুৱা গুৰুঘৰত মেজি জ্বলাই অগ্নি দেৱতাৰ সেৱা লৈ সকলোৰে কুশল-মংগল কামনা কৰে । তাৰ সমান্তৰালকৈ মাঘৰ পহিলা দিনটোৰ গধূলি সকলো একত্ৰিত হৈ চুঙা চাউল খোৱাৰ পৰম্পৰা আছে অসমীয়া সমাজত ।
সেই পৰম্পৰা অক্ষুন্ন ৰাখি আজি টীয়কৰ গুৱালগাঁৱৰ আগআলিৰ আই থানৰ সমীপত সমূহ ৰাইজ একত্ৰিত হৈ চুঙা চাউল খোৱা উৎসৱ আয়োজন কৰিছে । ঘৰে ঘৰে ন বৰা চাউল, জাজীমুখৰ এঠা দৈ, এৱা গাখীৰ আৰু দেৰগাঁৱৰ গুৰেৰে চুঙা চাউল খোৱাৰ ইচ্ছা প্ৰকাশ কৰি গাৱঁৰ যুৱকসকলৰ নেতৃত্বত এই অনুষ্ঠান গঢ় লৈ উঠিছে ৷
সমূহ আবাল বৃদ্ধ-বনিতা তথা পুৰুষ-মহিলা ওলাই আহি চুঙা পোৰাত ব্যস্ত হৈ পৰা দেখা গ’ল আৰু অসমীয়াৰ চহকী সংস্কৃতি তথা পৰম্পৰা যাতে নৱপ্ৰজন্মৰ মাজত চিৰদিন অব্যাহত থাকে তাৰ আশা কৰে ৷ এনেধৰণৰ পৰম্পৰাই সকলোৰে মাজত একতা, উৎসাহ দুগুণে বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে ।
লগতে পঢ়ক:এখন চিনাকী ছবি, এক আপুৰুগীয়া পৰম্পৰা