Viksit Bharat Sankalp Yatra : কাৰ্বি আংলঙত আৰম্ভ বিকশিত ভাৰত সংকল্প যাত্ৰা - বীৰচা মুণ্ডা
Published : Nov 15, 2023, 9:44 PM IST
ডিফু, 15 নৱেম্বৰ :বীৰচা মুণ্ডাৰ স্মৃতি দিৱসৰ দিনটো ভাৰত চৰকাৰে জনজাতীয় গৌৰৱ দিৱস ৰূপে বুধবাৰে পালন কৰিছে ৷ বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডত জনজাতীয় গৌৰৱ দিৱসত অংশগ্ৰহণ কৰি সমগ্ৰ দেশৰ জনজাতীয় ৰাইজৰ বাবে বিভিন্ন আঁচনি মুকলি কৰিছে ৷ ইয়াৰ সামন্তৰালভাৱে দেশৰ জনজাতীয় এলেকাত বুধবাৰৰ পৰা আৰম্ভ হৈছে বিকশিত ভাৰত সংকল্প যাত্ৰা ৷
অসমৰ তিনিখন জিলাত আৰম্ভ হৈছে এই যাত্ৰা ৷ কাৰ্বি আংলং জিলাৰ মানজা উন্নয়ন খণ্ডত আৰম্ভ হোৱা এই সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰে মন্ত্ৰী যোগেন মহন আৰু কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ তেওঁলোকে কয় যে এই যাত্ৰাৰ মূল উদ্দেশ্য হ’ল কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা আচঁনি সমূহৰ সুবিধা প্ৰকৃততে জনতাই লাভ কৰিছেনে নাই সেয়া চোৱা আৰু যদি কোনোৱা বঞ্চিত হৈ আছে তেওঁলোকক সেই সুবিধা প্ৰদান কৰা ৷
লগতে পঢ়ক :Chandra Mohan Patowary in Baksa: বাক্সাত বিকশিত ভাৰত সংকল্প যাত্ৰা আৰম্ভ