টিংখাঙত বিকশিত ভাৰত,সংকল্প যাত্ৰা; ভিভিঅ' কনফাৰেন্স যোগে প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ - লোকসভা নিৰ্বাচন
Published : Dec 9, 2023, 6:19 PM IST
মৰাণ, 9 ডিচেম্বৰ : চমু চাপি আহিছে 2024 ৰ লোকসভা নিৰ্বাচন ৷ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিভিন্ন কাৰ্যসূচীৰে ভোটাৰ ৰাইজৰ কাষলৈ যোৱাৰ চেষ্টা চলাইছে শাসকীয় দল বিজেপিয়ে ৷ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনিসমূহ ৰাইজক অৱগত কৰোৱাৰ বাবে "বিকশিত ভাৰত, সংকল্প যাত্ৰা" কাৰ্যসূচী গ্ৰহণ কৰিছে শাসকীয় দলটোৱে ৷
শনিবাৰে ডিব্ৰুগড় জিলাৰ টিংখাঙত ৰপায়ণ হ’ল "বিকশিত ভাৰত, সংকল্প যাত্ৰা" কাৰ্যসূচী ৷ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ভিভিঅ' কনফাৰেন্স যোগে বাৰ্তালাপ টিংখাং সমষ্টিৰ হিতাধিকাৰীসকলৰ ৷ টিংখাঙৰ ৰাজগড়ৰ কৰ্মা ভৱনত অনুষ্ঠিত এই কাৰ্যসূচীত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়া, জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে ৷
লগতে পঢ়ক :টিংখাঙৰ চহৰীকটা উঃমা বিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান