Vijaya dashami: বিজয়া দশমীত উৎসৱমুখৰ নগাঁও চহৰ - বিশাল শোভাযাত্ৰা
Published : Oct 24, 2023, 6:40 PM IST
নগাঁও, 24 অক্টোবৰ :আজি বিজয়া দশমী ৷ চাৰিদিন ধৰি উলহ-মালহেৰে দুৰ্গা পূজা উদযাপন কৰাৰ পাচত মঙলবাৰে ভক্তপ্ৰাণ ৰাইজে অশ্ৰুসিক্ত নয়নেৰে মা দুৰ্গাক বিদায় জনাইছে ৷ সকলো প্ৰান্ততে ৰাইজে বিশাল শোভাযাত্ৰা কৰি বিসৰ্জনস্থলীত উপস্থিত হোৱা দেখা গৈছে ৷ আপোনালোকলৈ আগবঢ়াইছো নগাঁৱৰ বিজয়া দশমী উদযাপন পৰিৱেশ ৷
আন আন জিলাসমূহৰ দৰে বিজয়া দশমীত একপ্ৰকাৰ উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে নগাঁও চহৰত । নগাঁও চহৰৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপৰ প্ৰতিমাসমূহ বিসৰ্জনৰ বাবে বিশাল শোভাযাত্ৰাৰ মাজেৰে লৈ যোৱা হৈছে বিসৰ্জনঘাটলৈ । নগাঁৱৰ কলঙৰ বাকৰি নেহেৰুৱালীৰ বিসৰ্জনঘাটত দেৱীৰ প্ৰতিমা বিসৰ্জন ইতিমধ্যে আৰম্ভ হৈ গৈছে ৷ সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো বহু শান্তিপূৰ্ণভাৱে এই বছৰৰ দুৰ্গা পূজা অনুষ্ঠিত হৈ যায় ৷
লগতে পঢ়ক :Vijaya dashami: বৰপেটাৰোডত ব্যাপক আনন্দ উল্লাসৰ মাজেৰে দুৰ্গা দেৱীক বিসৰ্জন