অসম

assam

মৰিগাঁৱৰ মালপুতা ঘাটত বিসৰ্জন দেৱী দুৰ্গাৰ প্ৰতিমা

ETV Bharat / videos

Durga Puja 2023 : মৰিগাঁৱৰ মালপোতা ঘাটত দেৱী বিসৰ্জন - Durga Puja in Morigaon

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 7:10 PM IST

মৰিগাঁও, ২৪ অক্টোবৰ: মৰিগাঁৱৰ মালপোতা ঘাটত  দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হয় । মৰিগাঁৱৰ মালপোতাত মৰিগাঁও পৌৰসভাৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত মৰিগাঁও নগৰৰ ১২ খন পূজাস্থলীৰ দেৱী বিসৰ্জন দিয়া হয় । মৰিগাঁও জিলা আয়ুক্ত দেবাশীষ শৰ্মাই দুপৰীয়া উদ্ধোধন কৰে মালপোতাৰ ভাসনী ঘাট । মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলীয়ে সদৰী কৰা মতে, এইবাৰ মালপোতাৰ ভাসনী ঘাটত মৰিগাঁও পৌৰসভাই দেৱী বিসৰ্জনত যাতে ভক্ত প্ৰাণ ৰাইজৰ কষ্ট লাঘৱৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰে নতুন কাৰিকৰি কৌশল ।  

মহাসপ্তমী , মহাঅষ্টমী, মহানৱমীত জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা দেৱী দৰ্শনৰ বাবে সমবেত হয় অগণন ভক্ত । জনসমূদ্ৰত পৰিণত হয় মৰিগাঁও চহৰ । সমান্তৰালকৈ প্ৰজাপিতা ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত জীৱন্ত দুৰ্গাৰ ৰূপ দৰ্শন কৰাৰ বাবে মহানৱমীত মিলনতীৰ্থত পৰিণত হয় মৰিগাঁও চহৰ । বিজয়া দশমীৰ ভাসনী কাৰ্যসূচীত জিলা আয়ুক্ত দেবাশীষ শৰ্মা, পৌৰপতি, অতিৰিক্ত আয়ুক্ত দ্যোতিভা বৰা, জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস  উপস্থিত থাকে ।  

মৰিগাঁও চহৰৰ ১৩ খন প্ৰতিমা বিসৰ্জনৰ লগতে জালুগুটি সাৰ্বজনীন দুৰ্গা পূজা উদযাপন সমিতিয়ে জালুগুটি দলঙৰ ঘাটত আৰু মাছখোৱা পূজা সমিতিয়ে তৰাবড়ী দলংঘাটত প্ৰতিমা বিসৰ্জন দিয়ে ।

লগতে পঢ়ক:Ready for Durga immersion : মহানগৰীৰ 8 টাকৈ ঘাটত আৰম্ভ দেৱী বিসৰ্জনৰ প্ৰক্ৰিয়া

ABOUT THE AUTHOR

...view details