অসম

assam

কলিয়াবৰত বিসৰ্জন দেৱী দুৰ্গাৰ প্ৰতিমা

ETV Bharat / videos

Durga Puja 2023: শিলঘাটত ব্ৰহ্মপুত্ৰত দেৱী বিসৰ্জন - Durga Puja in Kaliabor

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 7:44 PM IST

কলিয়াবৰ, ২৪ অক্টোবৰ: আজি বিজয়া দশমীত পূজা মণ্ডপত ম্লান পৰিল ঢাক-ঢোলৰ শব্দৰ । পুৱাৰে পৰা আয়োজক সমিতিয়ে প্ৰতিমাসমূহ বিসৰ্জন দিবলৈ নিৰ্দিষ্ট স্থানলৈ নিয়াৰ সময়ত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয় ।  ৰাজ্যৰ বিভিন্ন দেৱী বিসৰ্জন ঘাটৰ লগতে কলিয়াবৰৰ শিলঘাট বিসৰ্জন ঘাটতো দিয়া হয় দেৱীৰ প্ৰতিমা বিসৰ্জন ।

শিলঘাটত ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হয় দেৱীৰ প্ৰতিমা । কলিয়াবৰ মহকুমা প্ৰশাসনৰ তদাৰকত সম্পন্ন হয় এই বিসৰ্জন পৰ্ব । জিলাখনৰ মিছা, আমবাগান, চুলুং আৰু শিলঘাটত দেৱী বিসৰ্জনৰ ব‍্যৱস্থা কৰে মহকুমা প্ৰশাসনে । শিলঘাটতে ২৬ খন পূজা সমিতিয়ে দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়ে । আনহাতে, হাতীমূৰাৰ শ্ৰীশ্ৰীমহিষমৰ্দ্দিনী দশভূজা দুৰ্গা মন্দিৰৰ বিসৰ্জন পৰ্ব মন্দিৰৰ সমীপৰ লুইতত সম্পন্ন কৰে ।

লগতে পঢ়ক:Rajnath Singh in Bum La Pass : বিজয়া দশমী উপলক্ষে সেনাৰ অস্ত্ৰ পূজাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অংশগ্ৰহণ

ABOUT THE AUTHOR

...view details