অসম

assam

দুলীয়াজানৰ নেহেৰু ময়দান খেলপথাৰত জ্বলিল ১০০ ফুট উচ্চতাৰ বিশালকায় ৰাৱণৰ প্ৰতিমূৰ্তি

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 8:12 AM IST

ETV Bharat / videos

Vijyayadashmi: দুলীয়াজানৰ নেহেৰু ময়দান খেলপথাৰত জ্বলিল ১০০ ফুট উচ্চতাৰ বিশালকায় ৰাৱণৰ প্ৰতিমূৰ্তি

ডিব্ৰুগড়, ২৫ অক্টোবৰ:চাৰিদিনীয়া উৎসৱমুখৰ পৰিৱেশৰ মাজত মঙলবাৰে ডিব্ৰুগড় জিলাৰ কেইবাটাও স্থানত দেৱী বিসৰ্জনৰ ব্যৱস্থা কৰে জিলা প্ৰশাসনে । দেৱী বিসৰ্জনস্থলীত কোনো ধৰণৰ বিশৃংখল পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰবাবে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলে । ইয়াৰ মাজতে দুলীয়াজানৰ নেহেৰু ময়দান খেলপথাৰত এক নান্দনিক পৰিৱেশত নিৰ্মাণ কৰা প্রায় ১০০ ফুট উচ্চতাৰ বিশালকায় ৰাৱণৰ প্ৰতিমূৰ্তি দাহ কৰা হয় ।

বিশালকায় ৰাৱণৰ প্ৰতিমূৰ্তি দাহ উপভোগ কৰিবলৈ দুলীয়াজানৰ নেহেৰু ময়দান খেলপথাৰত হাজাৰ হাজাৰ ৰাইজৰ সমাগম হয় । ৰাৱণ দাহনৰ পূৰ্বে ৰাৱণ বধৰ এক নাট্যৰূপ ৰাইজৰ আগত উপস্থাপনৰ ব্যৱস্থা কৰে উদ্যোক্তাসকলে । এই ৰাৱণ বধৰ জৰিয়তে সমাজৰ পৰা যাতে অপায় অমংগল বিনাশ হয় তাৰেই কামনা কৰা উদ্যোক্তাসকলে ৷

লগতে পঢ়ক:Durga Idol Immersion Biswanath : বিশ্বনাথত ব্যাপক আনন্দ-উল্লাসৰ মাজেৰে দেৱীৰ প্ৰতিমা বিসৰ্জন

ABOUT THE AUTHOR

...view details