Demanding bribe: চৰকাৰী কাৰ্যালয়ত ঘোচ লোৱাৰ ভিডিঅ’ ভাইৰেল - চৰকাৰী কৰ্মচাৰীয়ে উৎকোচ লোৱাৰ দৃশ্য ভাইৰেল
কৰিমগঞ্জ, 02 আগষ্ট: ধোঁৱা চাঙত উঠিছে নেকি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা দুৰ্নীতি বিৰোধী নীতি ? কাৰণ চৰকাৰী দৰমহাই পেট নভৰা হৈছে একাংশ চৰকাৰী কৰ্মচাৰীৰ ৷ এইবাৰ হাইলাকান্দিত চৰকাৰী কৰ্মচাৰীয়ে ৩ হাজাৰ টকা উৎকোচ লোৱাৰ দৃশ্য ভাইৰেল হৈছে সামাজিক মাধ্যমত ৷ আনহাতে, পেন্সনৰ ধন পাবলৈ হ’লে চৰকাৰী কৰ্মচাৰীক দিব লাগে ধন ৷ অন্যথা ফাইল লৰ-চৰে নহয় ৷ এই অভিযোগ এজন যুৱকৰ ৷
জানিব পৰা মতে, যুৱকজনে দেউতাকৰ পেন্সনৰ কাৰণে দীৰ্ঘদিনে ৰেচম বিভাগৰ কাৰ্যালয়লৈ আহিছিল ৷ কিন্তু ৰেচম বিভাগৰ কৰ্মচাৰীয়ে যুৱকজনৰ পৰা দাবী কৰিছিল ধন ৷ সেই দাবী কৰা ধন হিচাপে আগতীয়াকৈ 3 হাজাৰ টকা দিলে যুৱকজনে ৷ কাৰণ যুৱকজনে চৰকাৰী অফিচলৈ আহি ভাগৰি গৈছে ৷ ধন নিদিলে কাম কৰি নিদিয়ে চৰকাৰী কৰ্মচাৰীয়ে ৷ এতিয়া এই সকল দুৰ্নীতিত লিপ্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নে বিভাগীয় কৰ্তৃপক্ষই !
লগতে পঢ়ক:Unlawful activity in Karimganj: কৰিমগঞ্জৰ শনি মন্দিৰৰ সমীপত গো-মাংস উদ্ধাৰ