অসম

assam

মাজুলীত জিলা উপায়ুক্তৰ নিৰ্দেশ নমনা বাহন জব্দ

ETV Bharat / videos

Tractor and JCB seized in Majuli: মাজুলীত জিলা উপায়ুক্তৰ নিৰ্দেশ নমনা বাহন জব্দ - মাজুলীত জিলা উপায়ুক্তৰ নিৰ্দেশ নমনা বাহন জব্দ

By

Published : Mar 3, 2023, 4:07 PM IST

মাজুলী,৩ মাৰ্চ: সত্ৰনগৰী মাজুলীত জিলা উপায়ুক্তৰ নিৰ্দেশ নমনা, মাথাউৰি কাষত মাটি খন্দা টেক্টৰ আৰু বুলড’জাৰ জব্দ(Vehicle used for digging land seized in Majuli) । উজনি মাজুলী ৰাজহ চক্ৰ বিষয়া নৱজিৎ দাসে জব্দ কৰে কেইবাখনো টেক্টৰৰ লগতে তিনিখনকৈ বুলড’জাৰ । মাজুলী ৰাজহ চক্ৰ বিষয়া নৱজিৎ দাসে জব্দ কৰা টেক্টৰ আৰু বুলড’জাৰকেইখন বনগাঁও আৰক্ষী চকীত চমজাই দিয়ে অভিযানকাৰী দলটোৱে । 

শুকুৰবাৰে মাজুলীৰ বিধায়ক আৰু জিলা উপায়ুক্তগৰাকীয়ে পৰিদৰ্শন কৰে পূব মাজুলীৰ খহনীয়াগ্ৰস্ত অঞ্চল(MLA and DC visit to erosion zone in Majuli) । পৰিদৰ্শন কালত ৰাজপথত ট্ৰেক্টৰৰ দৌৰাত্ম্য প্ৰত্যক্ষ কৰে মাজুলীৰ বিধায়ক আৰু জিলা উপায়ুক্তগৰাকীয়ে (Tractor and JCB seized in Majuli)। ইয়াৰ পাচতেই উজনি মাজুলী ৰাজহ চক্ৰ বিষয়া নৱজিৎ দাসে জব্দ কৰে এইসমূহ ট্ৰেক্টৰ আৰু বুলড’জাৰ ।

মাজুলী ৰাজহ চক্ৰ বিষয়া নৱজিৎ দাসে জব্দ কৰা বাহনকেইখন পাচত বনগাঁও আৰক্ষীয়ে বন বিভাগৰ লোকক চমজাই দিয়ে । নীতি বৰ্হিঃভূতভাৱে মাটি খন্দাৰ বাবে জব্দ কৰা হয় ট্ৰেক্টৰ আৰু বুলড’জাৰকেইখন । বন বিভাগৰ নিয়মমতে জব্দ কৰা ট্ৰেক্টৰ-বুলড’জাৰকেইখন ক্ষেত্ৰত যেনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি বন বিভাগৰ ফালৰ পৰা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে । এই ট্ৰেক্টৰসমূহে ৰাস্তা ঘাটসমূহত মানুহ ওলাব নোৱৰা এক পৰিৱেশৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰে উজনি মাজুলী ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে । 

লগতে পঢ়ক:Hath se Hath jodo yatra at Rangia: ৰঙিয়া কংগ্ৰেছৰ উদ্যোগত হাত সে হাত জোড়ো যাত্ৰা

For All Latest Updates

ABOUT THE AUTHOR

...view details