Vegetable price in Assam:পাচলিৰ মালা পিন্ধি মহানগৰীত অভিনৱ প্ৰতিবাদ - BJP
গুৱাহাটী,৩ জুলাই:পে’ট্ৰল-ডিজেলৰ মূল্যতকৈ অত্যাধিক হৈ পৰিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম ৷ সোমবাৰে গুৱাহাটী মহানগৰীৰ খুচুৰা পাচলিৰ বজাৰসমূহত প্ৰতিকিলো বিলাহী 100-120 টকা পৰ্যন্ত হৈছে । কিন্তু মূল্যবৃদ্ধি ৰোধৰ বাবে চৰকাৰে লোৱা নাই কোনো ব্যৱস্থা । সেয়েহে সোমবাৰে মহানগৰীৰ গণেশগুৰিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় যুৱ বাহিনীয়ে । গণেশগুৰিত প্ৰায় অৰ্ধশতাধিক জাতীয় যুৱ বাহিনীৰ লোকে হাতে হাতে প্লে’ কাৰ্ড লৈ সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰতিবাদকাৰী সকলে বিভিন্ন ধৰনৰ পাচলিৰ মালা পিন্ধি বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷
তুলনামূলকভাবে যদি চোৱা যায় তেতিয়া হ‘লে 100 টকাত 1 লিটাৰ পে‘ট্ৰল বা ডিজেল পোৱা যায় ৷ কিন্তু 100 টকাত অসমৰ ঠায়ে ঠায়ে নাপায় 1 কিলোগ্ৰাম পাচলি ৷ ফলত মূৰে-কপালে হাত দিব লগা হৈছে সাধাৰণ জনতাই ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ কেকোঁৰা চেপাত প্ৰায় কোঙা হৈ পৰিছে গ্ৰাহক ৷
লগতে পঢ়ক;Meteorological Centre issues orange alert: সাৱধান ৰাজ্যবাসী, আকৌ আহি আছে বৰষুণ