অসম

assam

ETV Bharat / videos

ডিমা হাছাওৰ লাংটিঙত বীৰ সম্ভোধন ছাত্ৰাবাস উদ্বোধন - Vishwa Hindu Parishad

By

Published : Aug 17, 2022, 8:19 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

ডিমা হাছাও জিলাৰ লাংটিঙত বুধবাৰে 30 খন বিছনাযুক্ত বীৰ সম্ভোধন ছাত্ৰাবাসৰ গৃহ প্ৰৱেশ তথা উদ্বোধন কৰা হয় (Veer Sambhodhana hostel inaugurated at Langting Dima Hasao) । উত্তৰ-পূব জনজাতি সেৱা সমিতি আৰু বিশ্ব হিন্দু পৰিষদ (Vishwa Hindu Parishad) লাংটিং খণ্ডৰ উদ্যোগত এই ছাত্ৰাবাস নিৰ্মাণ কৰা হয় । বুধবাৰে দিনৰ ১১ বজাত পূজা-অৰ্চনাৰ জৰিয়তে এই ছাত্ৰাবাসৰ গৃহ প্ৰৱেশ তথা উদ্বোধন কৰা হয় । আজিৰ বীৰ সম্ভোধন ছাত্ৰাবাসৰ উদ্বোধনী অনুষ্ঠানত সন্মানিত অতিথি হিচাবে উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচা (CEM of North Cachar Hill Autonomous Council Devlal Garlosa) । ইয়াৰ উপৰি এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিশ্ব হিন্দু পৰিষদৰ সংগঠন মন্ত্ৰী বিনায়ক ৰাও দেশপাণ্ডে, বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূবৰ ক্ষেত্ৰ সংগঠন মন্ত্ৰী দীনেশ তিৱাৰী, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য গোলঞ্জ থাওচেন, বিজেপিৰ ডিমা হাছাও জিলা কমিটীৰ (Dima Hasao District Committee of BJP) সভাপতি ধনপাইনন থাওচেন আৰু পল্লৱ মজুমদাৰৰ লগতে লাংটিং বিদ্যা ভাৰতী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল ।
Last Updated : Feb 3, 2023, 8:26 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details