স্বাস্থ্য়মন্ত্ৰীৰ পদত্য়াগৰ দাবী বীৰ লাচিত সেনাৰ - Veer Lachit Sena Assam
অকালতে হেৰাই গ'ল মাজুলীৰ এটি উজ্বল তৰা ৷ ৰাজ্যবাসীক কন্দুৱাই চিৰদিনৰ বাবে গুচিগ'ল মাজুলীৰ প্ৰতিভাৱান কণ্ঠশিল্পী তেজস্বিতা বৰুৱা (Tejaswita Boruah death) ৷ এগৰাকী প্ৰতিভাৱন কণ্ঠশিল্পী স্বাস্থ্য বিভাগৰ হেমাহি বাবে অকালতে হেৰাই যোৱা ঘটনাত দুখ প্ৰকাশ কৰিছে বীৰ লাচিত সেনাই (Press Conference Veer Lachit Sena Assam at Kampur)। তেজস্বীতাৰ অক্সিজেনৰ অভাৱত মৃত্যু হোৱাৰ অভিযোগ (Tejaswita dead due to lack of oxygen) উত্থাপন কৰিছে । কামপুৰ বীৰ লাচিত সেনাই এক সংবাদ মেলত এই অভিযোগ উত্থাপন কৰিছে । কামপুৰ প্ৰেছ ক্লাৱত (Kampur Press Club) অনুষ্ঠিত সংবাদ মেলখনত বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় মুখপাত্ৰ প্ৰকাশ বৰুৱাই চৰকাৰক তীব্ৰ সমালোচনা কৰে । কোটি কোটি টকা ব্যয়ৰে বিজেপিয়ে দলীয় কাৰ্যালয় নিৰ্মাণ কৰা কাৰ্যতো তেওঁ ক্ষোভ প্ৰকাশ কৰে । চৰকাৰী বিনামূলীয়া আঁচনি বন্ধ কৰি শিক্ষা আৰু স্বাস্থ্যত গুৰুত্ব দিবলৈ বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় মুখপাত্ৰগৰাকীয়ে চৰকাৰক আহ্বান জনায় (Veer Lachit Sena Assam criticized health minister)। তেওঁ স্বাস্থ্য় মন্ত্ৰীৰো পদত্য়াগৰ দাবী জনায় ।
Last Updated : Feb 3, 2023, 8:29 PM IST