অসম

assam

ETV Bharat / videos

চৰাইদেউৰ বৌদ্ধ ধৰ্মাৱলম্বী অঞ্চলত বৰ্ষাবাস প্ৰবাৰণা তিথি পালন - চৰাইদেউত বৰ্ষাবাস প্ৰবাৰণা তিথি

By

Published : Oct 10, 2022, 2:08 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

চৰাইদেউৰ বৌদ্ধ ধৰ্মাৱলম্বী অঞ্চলত উলহে মালহে বৰ্ষাবাস প্ৰবাৰণা তিথি (Varshavasa Pravarana Tithi) পালন কৰা হৈছে ৷ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ প্ৰধান উৎসৱটো হৈছে বৰ্ষাবাস প্ৰবাৰণা তিথি (Varshavasa Pravarana Tithi celebrated in Charaideo) ৷ তিনিমাহ জুৰি বিভিন্ন ৰীতি-নীতিৰে শাওণ মাহৰ পূৰ্ণিমাৰ তিথিৰপৰা লক্ষ্মী পূৰ্ণিমালৈকে জীৱন যাপন কৰাৰ অন্তত লক্ষ্মী পুৰ্ণিমাত সামৰণি পৰে বৰ্ষাবাসৰ উৎসৱ ৷ এই বৰ্ষাবাস প্ৰবাৰণা তিথিৰ সামৰণিত বৌদ্ধ বিহাৰত ভিক্ষুৰপৰা আশীষ লৈ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে আকাশ বন্তি (বৌদ্ধ সকলৰ ভাষাত ফুং-ফাই) উৰুৱাই অপায় অমংগল দূৰ কৰিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ৷ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ সাপেখাতী ৰহন শ্যাম গাঁৱৰ বৌদ্ধ সংস্কৃতি ও আনন্দ বৌদ্ধ বিহাৰ প্ৰাংগনত ৰাইজে সমূহীয়কৈ প্ৰবাৰণা তিথি অনুষ্ঠিত কৰে ৷
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details