অসম

assam

আবদ্ধ বহুকেইখন ৰে’ল

ETV Bharat / videos

Trains delayed due to heavy rain:মৰিয়নীত ৰাজধানী এক্সপেছসহ আবদ্ধ বহুকেইখন ৰে’ল

By

Published : Jul 6, 2023, 6:41 PM IST

যোৰহাট, 6 জুলাই : অসমত ৰে’ল যাতায়ত সেৱা ব্যাহত হৈ পৰিছে ৷ মৰিয়নী জংচন, তিতাবৰ আৰু আমগুৰি ষ্টেচনত আবদ্ধ হ’ল ৰাজধানী এক্সপ্ৰেছকে ধৰি তিনিচুকীয়া-যোৰহাট এক্সপ্ৰেছ, নাগালেণ্ড এক্সপ্ৰেছসহ কেইবাখনো দূৰণিবটীয়া যাত্ৰীবাহী ৰে’ল । উক্ত ৰে’ল কেইখনকে আদি কৰি কেইবাখনো ৰে’ল আৱদ্ধ হৈ পৰাৰ লগে লগে যাত্ৰীসকলৰ লগতে ৰে’ল বিভাগ মাজত একপ্ৰকাৰ হাহাকাৰময় পৰিস্থিতিৰ উদ্ভৱ হয় ।

নকছাৰিৰ লাহিঙ ষ্টেচনৰ সমীপত থকা নামচেচু জানৰ বাঢ়নী পানীয়ে বিপদ সীমা অতিক্ৰম কৰি বৈ যোৱা বাবে মৰিয়নী জংচন, তিতাবৰ আৰু আমগুৰি ৰে’লৱে ষ্টেচনত আৱদ্ধ হৈ আছে যাত্ৰীসহিতে ৰাজধানী এক্সপ্ৰেছৰ লগতে মালবাহী ৰে’ল । ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে ৰে’ল বিভাগৰ কৰ্মচাৰী তথা ৰে’ল আৰক্ষী ।

ঘটনাৰ বিৱৰণি অনুসৰি বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত মৰিয়নীৰ মাজেৰে বৈ যোৱা নামচেচু জানখনে পানীৰ বিপদসীমা অতিক্ৰম কৰি বৈ আছে ৷ উক্ত জানখনৰ পানীয়ে ৰে’লৱে দলংখন স্পৰ্শ কৰাৰ বাবে এনেধৰণৰ অনাকাংক্ষিত বিপদৰ সন্মুখীন হয় যাত্ৰীসকলৰ লগতে ৰে’ল বিভাগ। বিপদসীমা অতিক্ৰম কৰাৰ কাৰণে যাত্ৰীসকলৰ নিৰাপত্তাৰ কথা চিন্তা কৰিয়ে এনেধৰণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । আজি এই অনাংকাক্ষিত পৰিস্থিতিৰ বাবে প্ৰায় ৬ ঘন্টা ধৰি উজনি আৰু নামনিৰ মাজত ৰে’ল যোগাযোগ বিচ্ছিন্ন হৈ পৰিল ।

লগতে পঢ়ক :Corruption in the construction work:অনিয়মৰ মাজত নিৰ্মাণ হৈ আছে স্বাস্থ্য বিভাগৰ গৃহ

ABOUT THE AUTHOR

...view details