অসম

assam

নোৱা নৈৰ বাঢ়নী পানীয়ে ধাৰণ কৰিছে কাল ৰূপ

ETV Bharat / videos

Flood in Udalguri : ওদালগুৰি জিলাৰ নোৱা নৈৰ বিধ্বংসী ৰূপ; পানীৰ তলত কেবাখনো গাঁও - নোৱা নৈৰ বাঢ়নী পানীয়ে ধাৰণ কৰিছে কাল ৰূপ

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 7:16 PM IST

ওদালগুৰি, 28 আগষ্ট :ওদালগুৰি জিলাৰ কলাইগাঁৱত নোৱা নৈৰ বাঢ়নী পানীয়ে ধাৰণ কৰিছে কাল ৰূপ । যাৰ ফলত এতিয়া ওদালগুৰি জিলাৰ কলাইগাঁৱৰ বহু অঞ্চল এতিয়া পানীৰ তলত বুৰ গৈছে ৷ বিশেষকৈ কলাইগাঁৱৰ অন্তৰ্গত চিন্তাগাঁও, আদৰ্শগাঁও, গৰুবন্ধা বালিপাৰা, ভোলাবাৰি আদি বহু বৰ্তমান পানীৰ তলত বুৰ গৈছে ।

স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, 2005 চনতেই এই মথাউৰিটো নিৰ্মাণ কৰা হৈছিল । কিন্তু তাৰ পাচত ইয়াক মেৰামতি কৰা হোৱা নাছিল ৷ ফলত এইবাৰ নোৱা নৈৰ বাঢ়নী পানীয়ে এই মথাউৰি ছিগি লৈ যোৱাৰ ফলতেই এই গাঁওসমূহ পানীৰ তলত ডুব যায় ৷

এই বানৰ ফলত অঞ্চলটোৰ বিস্তৰ ক্ষতি হৈছে ৷ লগতে পশুধনেও এতিয়া পানীত ককবকাই থাকিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । সোমবাৰে BTC ৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱাই পৰিদৰ্শন কৰে উক্ত অঞ্চটো ৷ লগতে তেওঁ অতি কম দিনৰ ভিতৰতে মথাউৰি পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব বুলি গাঁওবাসীক প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

লগতে পঢ়ক :Flood in Dibrugarh : ডিব্ৰুগড়ত বিপদ সীমাৰ প্ৰায় 1 মিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ

ABOUT THE AUTHOR

...view details