Flood in Majuli : ভদীয়া বানৰ কবলত মাজুলীৰ নৈ পৰিয়া অঞ্চল; বানৰ বাবে বন্ধ বিদ্যালয় - বানৰ বাবে বন্ধ বিদ্যালয়
Published : Aug 28, 2023, 3:49 PM IST
|Updated : Aug 28, 2023, 6:19 PM IST
মাজুলী, 28 আগষ্ট : সমগ্ৰ ৰাজ্যৰ লগতে ভদীয়া বানৰ কবলত পৰিছে মাজুলীৰ নৈ পৰিয়া অঞ্চল । বিগত কেবাদিন ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ । ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে মাজুলীৰ নৈপৰীয়া অঞ্চলসমূহ । ব্ৰহ্মপুত্ৰ নদীৰ পানী বৃদ্ধি পোৱাৰ বাবে দেওবাৰৰ পৰা বন্ধ হৈ আছে মাজুলী-নিমাতী ফেৰী সেৱা ।
ভদীয়া বানৰ বাবেই এতিয়া মাজুলীৰ নৈপৰীয়া অঞ্চলৰ কুৰিখনতকৈ অধিক বিদ্যালয় বন্ধ হৈ পৰিছে । সোমবাৰে পুৱাৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ দ্ৰুত গতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততেই মাজুলীৰ বহু অঞ্চল এতিয়া ডুব গৈছে পানীৰ তলত ৷ মাজুলীৰ একাংশ শিক্ষাৰ্থীয়ে নাৱেৰে বিদ্যালয়লৈ গৈছে যদিও বিদ্যালয়সমূহ বানত ডুব যোৱাত পুনৰ ঘৰলৈ উভতি যাব লগাত পৰিছে ।
লগতে পঢ়ক :Flood in Lakhimpur: 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰিছে পানী; জাল পল লৈ মাছ ধৰাত ব্যস্ত ৰাইজ