Flood in Dhemaji: জীয়াঢলৰ বাঢ়নী পানীয়ে বুৰাইছে ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল - জীয়াঢলৰ কাংকু সূঁতিৰ বাঢ়নী পানী
ধেমাজি, 11 আগষ্ট: ধেমাজিত 15 নং ৰাষ্ট্ৰীয় ঘাইপথ প্লাবিত হৈ পৰিছে জীয়াঢলৰ কাংকু সূঁতিৰ বাঢ়নী পানীৰে ৷ বাঢ়নী পানীৰ কবলত পৰিছে জীয়াঢল উচ্চ মাধ্যমিক বিদ্যালয় ৷ অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই ভৈয়ামৰ ধেমাজি জীয়াঢল চাৰিআলিৰ আৰু নআলি ভজু গাঁৱৰ মাজৰ অংশ 15 নং ৰাষ্ট্ৰীয় ঘাইপথটি প্লাবিত হৈ পৰি ব্যাহত কৰি তোলে সাধাৰণ জীৱন যাত্ৰা ৷
পথাৰ আৰু পথৰ সৈতে পানী একাকাৰ হৈ পৰাত যাতায়ত ব্যৱস্থা ব্যাহত হোৱাৰ সমান্তৰালভাৱে এই পানীয়ে জীয়াঢল চাৰিআলিৰ হাইস্কুলৰ চৌহদ বুৰাই পেলোৱাৰ ফলত শিক্ষাৰ্থী-শিক্ষকসকলে দুৰ্ভোগ ভুগিবলগীয়াত পৰিছে ৷ এইবাৰৰ বাৰিষাত বৰ্তমান পৰ্যন্ত জীয়াঢলৰ কাংকু সুঁতিৰ পানীয়ে দহবাৰলৈকে জীয়াঢল চাৰিআলিৰ শিক্ষা প্ৰতিষ্ঠানখন প্লাৱিত কৰিছে বুলি জানিবলৈ পৰা গৈছে ৷ জীয়াঢলৰ উপকণ্ঠ অঞ্চলৰ 5/6 খন গাঁৱতো বৰ্তমান বানপানী হৈছে বুলি জানিবলৈ পৰা গৈছে ৷
লগতে পঢ়ক :Gas pipe crack: হাবিচুকত পাইপ ফাটি নিৰ্গমন গেছ, OIL ৰ গুৰুত্বহীনতাৰ অভিযোগ