অসম

assam

ETV Bharat / videos

আজিৰে পৰা মাজুলীত আৰম্ভ হ’ল ভদীয়া কীৰ্তন - Vaishnavite naam kirtan begins in Majuli

By

Published : Aug 17, 2022, 7:15 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

আজি শাওন মাহৰ সংক্ৰান্তি (Sawan Month Sankranti)। আজিৰে পৰা মহাপুৰুষ দুজনাৰ স্বৰ্ণিল সংস্কৃতিৰ বৰ্ণিল ঐতিহ্যৰে মুখৰিত হ’ল মাজুলীৰ সত্ৰৰ(Satras in Majuli) লগতে নামঘৰসমূহ । মাজুলীৰ ৩৫ খন সত্ৰ আৰু তিনি শতাধিক নামঘৰত মাহযোৰাকৈ ভদীয়া কীৰ্তনৰ আৰম্ভণি হয় (Vaishnavite naam kirtan in Majuli)। ইফালে পৰম্পৰা ৰক্ষা কৰি নতুন কমলাবাৰী সত্ৰ, উত্তৰ কমলাবাৰী সত্ৰ, ভোগপুৰ সত্ৰ, মধ্য মাজুলীৰ কমলাবাৰী সত্ৰত শাওন মাহৰ শেষৰ সপ্তাহতে আৰম্ভ হ’ল ধেমালি জোৰা পৰ্ব । সত্ৰীয়া নৃত্য(Satriya dance), গীত, বাদ্যৰ আখৰা ইতিমধ্যে শেষ হৈছে । কাইলৈৰ পৰা সত্ৰসমূহত পৰিৱেশিত হ’ব সত্ৰীয়া সংস্কৃতিৰ সমগ্ৰ সম্ভাৰ বিশেষকৈ চৈধ্য প্ৰসংগ, গায়ন-বায়ন, চালি নৃত্য, ঝুমুৰা নৃত্য, কীৰ্তন, ওজাপালি, বিহাৰ নৃত্য ৷ ইফালে মাজুলীৰ নামঘৰসমূহো নাম-কীৰ্তন, দেৱ বাদ্যৰ ধ্বৰিৰে মুখৰিত হৈছে ৷
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

...view details