Urea seized : বস্তাই বস্তাই চোৰাংভাৱে সৰবৰাহ কৰা ইউৰিয়া সাৰ জব্দ
কৰিমগঞ্জ, 11 এপ্ৰিল: ৰাজ্যজুৰি চোৰাং সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান চলাই থকাৰ পিচতো গা লৰা নাই একাংশ সৰবৰাহকাৰীৰ (Urea seized in Hailakandi) ৷ মঙলবাৰে হাইলাকান্দি জিলাৰ লালা আৰক্ষীয়ে নাকা তালাচীৰ সময়ত ইউৰিয়া ভৰ্তি দুখন ট্ৰাক জব্দ কৰে (Two trucks sezed in Hailakandi) ৷ হাইলাকান্দিৰ পৰা মিজোৰাম অভিমুখে আহি আছিল ট্ৰাক দুখন ৷ আৰক্ষীয়ে এই অভিযানত চোৰাংভাৱে সৰবৰাহ কৰা ১৭০ বস্তা ইউৰিয়া সাৰ জব্দ কৰে ৷
ইফালে আৰক্ষীৰ তালাচীৰ সময়তে ঘটনাস্থলীৰ পৰা ট্ৰাক দুখনৰ চালক দুজন পলাই সাৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে আৰক্ষীয়ে ট্ৰাক দুখনৰ স্বত্বাধিকাৰী দুজনক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে (Two truck owners detained)৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক:Infant body recovered: ত্ৰিপুৰাৰ খোয়াই চিকিৎসালয়ৰ ডাষ্টবিনত উদ্ধাৰ নৱজাতকৰ মৃতদেহ
উল্লেখ্য যে আৰক্ষীয়ে চোৰাংভাৱে ইউৰিয়া সাৰ সৰবৰাহ কৰাৰ সাৰৰ বিৰুদ্ধে প্ৰশাসন যিমানেই কঠোৰ নহওক কিয়, বৰাক উপত্যকাৰ কিছুমান অঞ্চলত ইউৰিয়া সাৰৰ ক’লা বজাৰ অব্যাহত আছে ।