অসম

assam

বিলত মৰি উপঙিছে হাজাৰ হাজাৰ থলুৱা মাছ

ETV Bharat / videos

Unusual death of fishes:মাজুলীৰ বিলত অস্বাভাৱিক হাৰত থলুৱা মাছৰ মৃত্যু - মাজুলী

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 3:25 PM IST

মাজুলী, 12 ছেপ্টেম্বৰ : মাজুলীৰ বিলত অস্বাভাৱিক হাৰত থলুৱা মাছৰ মৃত্যু হোৱা দেখিবলৈ পোৱা গৈছে । বিলত মৰি উপঙি আছে হাজাৰ হাজাৰ থলুৱা মাছ । এই দৃশ্য মাজুলীৰ কাকৰিকটা বিলৰ । মাজুলী কাকৰিকটা বিলত উপঙিছে হাজাৰ হাজাৰ মৃত থলুৱা মাছ । উৎকট গৰমত পানী দূষিত হৈ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । কুঁহি, বৰালি, পুঠি, খলিহনা, গৰৈ, নাৰ, কাৱৈ আদি মাছ মৰি এফালৰ পৰা উপঙি গৈছে ।

স্থানীয় লোকৰ মতে বন্ধনত থকা বাবে বিলখনৰ পানী দূষিত হৈ মৃত্যু হৈছে মাছবোৰৰ । বিলখনলৈ ভাল পানী সোমাব নোৱাৰাৰ ফলত লেতেৰা জাবৰ-জোথৰ বিলৰ পানীৰ লগত মিলি যায়, যাৰ পৰিণতিত এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি স্থানীয় ৰাইজৰ সন্দেহ । স্থানীয় লোকে কয় যে আগতে নদীৰ পানী সোমোৱাৰ বাবে বেয়া বস্তুবোৰ নদীৰ পানীয়ে উটুৱাই লৈ যায় ৷ আজিকালি সেই সুবিধা নোহোৱাৰ বাবে দূষিত হৈ পৰিছে বিলখন, যাৰ বাবে এনেধৰণে মাছবোৰ মৰিবলৈ পাইছে । থলুৱা মাছৰ অস্বাভাৱিক মৃত্যুত চিন্তিত হৈ পৰিছে ৰাইজ । বাতৰি সংগ্ৰহ কৰা মুহূৰ্তলৈকে মীন বিভাগে লোৱা নাই কোনো ব্যৱস্থা ।

লগতে পঢ়ক :Jugundhari Namghar in Majuli: যুগুনধাৰী নামঘৰত বিধায়ক ভুৱন গামৰ সেৱা

ABOUT THE AUTHOR

...view details