Body recovered in Nalbari: নলবাৰীৰ সন্ধাত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য - Death Body recovered at Sondha
নলবাৰী, ২৩ এপ্রিল:নলবাৰী জিলাৰ সন্ধা ৰে'ল গেটৰ সমীপত দেওবাৰে উদ্ধাৰ হয় এজন অচিনাকী লোকৰ মৃতদেহ । সন্ধাৰ ৰে'ল গেটৰ সমীপৰ পুখুৰী এটাত ওপঙি থকা অৱস্থাত স্থানীয় এজন লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো । লগে লগে লোকজনে ওচৰ চুবুৰীয়াক ঘটনাটো অৱগত কৰে । ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পিচতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় (Body recovered in Nalbari)।
পিচত স্থানীয় লোকে নলবাৰী সদৰ আৰক্ষীক খবৰ দিয়ে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ৰে'ল পথৰ কাষেৰে পাৰ হোৱা নলবাৰী সন্ধাৰ ব্যস্ত পথচোৱাৰ কাষত এনেদৰে দিনৰ পোহৰতে মৃতদেহ উদ্ধাৰ হোৱাক লৈ স্থানীয় লোকসকল চিন্তিত হৈ পৰে । এয়া হত্যা নে আত্মহত্যা সেয়া মৰোণোত্তৰ পৰীক্ষাৰ পিচতহে পোহৰলৈ আহিব (Body recovered at Sondha)।
লগতে পঢ়ক:Amritpal Singh viral video: আত্মসৰ্মপণৰ পূৰ্বে শিখ যুৱ প্ৰজন্মক উদ্দ্যেশি কি ক’লে অমৃতপাল সিঙে ?