অসম

assam

অচিন পোকে তহিলং কৰিছে পকা ধাননি

ETV Bharat / videos

Worm in paddy fields : নলবাৰীৰ মেৰুৱাট্টাৰীৰ পকা ধাননিত অচিন পোকৰ ত্ৰাস, বিমোৰত চহা কৃষক - অচিন পোকে চলাইছে ত্ৰাস

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 12:29 PM IST

নলবাৰী, ১৬ নৱেম্বৰ :সমগ্ৰ ৰাজ্যতে এতিয়া খেতি পথাৰ ভৰি পৰিছে পকা ধানেৰে । কপালৰ ঘাম মাটিত পেলাই চহা কৃষকসকলে কৰিছে খেতি ৷ কিন্তু সপোনৰ খেতিডৰাৰ পৰা সোণগুটি চপোৱাৰ সময়তে নলবাৰী জিলাৰ কেবাখনো গাঁৱৰ খেতি পথাৰত অচিন পোকে চলাইছে ত্ৰাস ৷ তহিলং কৰিছে পকা ধাননি ।

প্ৰাপ্ত তথ্য অনুসৰি, বৰক্ষেত্ৰী মহকুমা কৃষি বিভাগৰ অধীনস্থ নাৰায়ণপুৰ, মেৰুৱাট্টাৰী, কান্ধবাৰী অঞ্চলৰ বৃহৎ কৃষি ভূমিত অচিন পোকে চলাইছে ত্ৰাস । অঞ্চলটোৰ শ শ কৃষি ভূমিত এতিয়া ধানৰ সলনি খেৰনিলৈ পৰিৱৰ্তন হোৱাত কৃষকে ‌মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে ৷

উল্লেখ্য যে, গ্ৰামাঞ্চলৰ অধিকাংশ লোকৰ খেতিয়ে জীৱিকাৰ একমাত্ৰ সম্বল । কিন্তু সোণগুটি চপোৱাৰ সময়তে অচিন পোকৰ ত্ৰাসত দিক-বিদিক হেৰুৱাব লগীয়াত পৰিছে কৃষক ৰাইজ ৷ এইক্ষেত্ৰত কৃষি বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী কৃষকসকলে ।

লগতে পঢ়ক :Attack of armyworms: চহা কৃষকৰ সপোনৰ ধাননি ডৰাত শূঁৰ পোকৰ উপদ্ৰৱ

ABOUT THE AUTHOR

...view details