অসম

assam

মুকবধিৰ প্ৰেমিক যুগলৰ বিবাহক লৈ চৰ্চা

ETV Bharat / videos

Exceptional marriage in Kamrup: বাইহাটা চাৰিআলিত এখন বিবাহক লৈ চৰ্চা - nique marriage in Kamrup

By

Published : Apr 20, 2023, 10:40 AM IST

বাইহাটা, ২০ এপ্ৰিল:কামৰূপ জিলাৰ সাজে গাঁৱত বুধবাৰে মুকবধিৰ প্ৰেমিক যুগলৰ বিবাহক লৈ এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে (Exceptional marriage in Baihata Chariali)। ইয়াৰ লগে লগে এহাল মুকবধিৰ যুৱক-যুৱতীৰ সাত বছৰীয়া প্ৰেমে পালে পূৰ্ণতা । উজনিৰ কইনাৰ সৈতে নামনিৰ দৰাৰ মণিকাঞ্চন সংযোগ ।

কামৰূপৰ বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী সাজেই গাঁৱৰ বিয়াখনক লৈ গাঁওবাসীৰ মাজত পৰিলক্ষিত হয় এক উছৱ মুখৰ পৰিবেশ (Unique marriage in Kamrup) । বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানখনক লৈ গাঁওখনৰ আৱাল-বৃদ্ধ-বণিতা সকলো ব্যস্ত বিয়ালৈ অহা অতিথিক আপ্যায়ন কৰিবলৈ । পোন্ধৰশ অভ্যাগত উপস্থিত থকা অনুষ্ঠানটোত গাঁৱৰ সকলো ব্যক্তিৰ সহযোগত বিয়া অনুষ্ঠিত কৰে পৰিয়ালৰ লোকে ।  

উল্লেখ্য় যে সাজে গাঁৱৰ ভূপেন ডেকাৰ পুত্ৰ অশোক ডেকা আৰু যোৰহাট তিতাবৰৰ জীয়ৰী পূৰবী ৰাজখোৱাৰ কাহিলিপাৰা মুকবধিৰ বিদ্যালয়ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি থকা অৱস্থাতে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল (Deaf and Dumb school in Kahilipara)। অৱশেষত অশোক আৰু পূৰৱীৰ প্ৰেমে পালে সামাজিক স্বীকৃতি ।

লগতে পঢ়ক:Imposed Section 144 in Dhemaji: ধেমাজি জিলাত মীন আইন অনুসৰি প্ৰশাসনৰ 144 ধাৰা জাৰি

ABOUT THE AUTHOR

...view details