অসম

assam

60 বছৰ শাসন কৰিও দৰিদ্ৰতা দূৰ কৰিব নোৱাৰিলে কংগ্ৰেছে: সোণোৱাল

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 10:24 PM IST

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

গুৱাহাটী, ২৩ ডিচেম্বৰ:কংগ্ৰেছে ৬০ বছৰ ৰাজত্ব কৰিও গৰীবি হাতাও কৰি থাকিলে । কিন্তু গৰীবি আঁতৰাব নোৱাৰিলে । কংগ্ৰেছৰ গৰীবি হতাওৰ পৰিৱৰ্তে মোদীৰ ' সব কা সাথ সব কা বিকাশ' বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । শনিবাৰে মহানগৰীৰ শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয় দৰ্শন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে মন্তব্য় কৰি লগতে কয়, "মোদীৰ নেতৃত্বত সব কা সাথ সব কা বিকাশ হৈছে । নীতি আয়োগৰ তথ্যতো প্ৰকাশ পাইছে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ১৩.৫ কোটি দুখীয়া লোক দৰিদ্ৰতাৰ পৰা উদ্ধাৰ হৈছে ।"

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ পৰা লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সন্দৰ্ভত কয়,  ‘‘দলে যি নিৰ্দেশ দিয়ে সেয়া কৰিবই লাগিব । ইয়াত আমাৰ ব্য়ক্তিগত কথা আহিব নোৱাৰে ।’’

লগতে পঢ়ক:বাল্যবিবাহ, বহুবিবাহৰ পৰা আৰম্ভ কৰি বিশ্ব ৰেকৰ্ডলৈকে; ২০২৩ বৰ্ষত চৰ্চাৰ শীৰ্ষত হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details