অসম

assam

নলবাৰীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, জনালে বিহুৰ ওলগ

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 10:40 PM IST

নলবাৰীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

নলবাৰী,১৩ জানুৱাৰী: নলবাৰীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । আৱৰ্ত ভৱনত উপস্থিত হৈ ৰাজ্যবাসীক জ্ঞাপন কৰিলে ভোগালী বিহুৰ শুভেচ্ছা । আনহাতে কংগ্ৰেছ নেতৃত্বই ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান প্ৰত্যাখান কৰাক লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া ।

তেওঁ কয়, ‘‘ আমাৰ হৃদয়ত ৰাম আছে । ভাৰতীয় সভ্যতা-সংস্কৃতিৰ সৈতে নিবিড় সম্পৰ্ক থকা এটি নাম ‘ৰাম’ । ভাৰতীয় সভ্যতা-সংস্কৃতিক সন্মান কৰা কোনো লোকেই এনে অনুষ্ঠানৰ আমন্ত্ৰণ প্ৰত্যাখান কৰিব নোৱাৰে ৷’’

লগতে তেওঁ কয়, ‘‘ ৰাইজৰ মনৰ পৰা কংগ্ৰেছ বহুদূৰলৈ গুচি গৈছে ৷ ভাৰতীয় সভ্যতা কৃষ্টি-সংস্কৃতিৰ পৰাও আঁতৰি গৈছে কংগ্ৰেছ ৷ ৰাম মন্দিৰৰ অনুষ্ঠানত কংগ্ৰেছে ভক্তিভাৱে শৰণাপন্ন হ'ব লাগিছিল ।’’

ইফালে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে আৰম্ভ কৰিবলগীয়া ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছক ইতিমধ্যেই ৰাইজে প্ৰত্যাখান কৰিছে ।

লগতে পঢ়ক:ডিব্ৰুগড়ত অনুষ্ঠিত নাট মহাৰণ কাৰ্যসূচীত অংশগ্ৰহণ সৰ্বানন্দ সোণোৱালৰ

ABOUT THE AUTHOR

...view details