Rameshwar Teli in Dibrugarh:বিজেপিৰ দিনতহে চাহ বাগিচাৰ উন্নয়ন হৈছে:ৰামেশ্বৰ তেলী - Rameshwar Teli criticised APCC president
Published : Sep 11, 2023, 5:24 PM IST
ডিব্ৰুগড়, ১১ ছেপ্টেম্বৰ:উজনি অসমত 'বাগিচাই বাগিচাই কংগ্ৰেছ' শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰি বিৰোধী কংগ্ৰেছে এক প্ৰকাৰে বিজেপি কাৰ্যকালৰ কামকাজক সমালোচনা কৰি চাহ বাগিচা অঞ্চলত কংগ্ৰেছে হেৰুওৱা গণ ভেঁটি শক্তিশালী কৰিবলৈ চেষ্টা চলাইছে । উজনিৰ প্ৰতিখন জিলাত চাহ বাগিচাৰ শ্ৰমিকৰ মাজলৈ গৈ শ্ৰমিকৰ সমস্যা বুজ ল'লে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছৰ বিধায়ক সাংসদসকলে । লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ এই কাৰ্যসূচীক লৈ শাসক দল বিজেপিয়ে কৰিছে তীব্ৰ সমালোচনা ।
এইবাৰ ডিব্ৰুগড়ত কংগ্ৰেছক সমালোচনা কৰিছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । কংগ্ৰেছক সমালোচনা কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয়," ফটাঢোল বজাবলৈ বাগানে বাগানে ঘূৰিছে কংগ্ৰেছ । ৬০-৭০ বছৰ শাসন কৰা কংগ্ৰেছে বাগানৰ মানুহৰ বাবে একো কাম কৰিব নোৱাৰাত বাগানৰ মানুহৰ পৰা খেদা খাইছিল কংগ্ৰেছে ।" সেই কাৰণে পুনৰ বাগানৰ ৰাইজৰ মন জয় কৰিবলৈ ফটাঢোল বজাবলৈ বাগানলৈ কংগ্ৰেছ যোৱা বুলি তেওঁ কটাক্ষ কৰে । চাহ বাগিচা অঞ্চলত যি উন্নয়ন হৈছে সকলো বিজেপি চৰকাৰৰ দিনতেই হৈছে বুলি কয় কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।