Kiren Rijiju in Bogidhola Tea Estate: বগীধলা বাগিচাৰ দুৰ্গত শ্ৰমিকৰ কাষত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু - Bogidhola Tea Estate Golaghat
২০১৭ চনৰ ছেপ্টেম্বৰত শ্ৰমিকে প্ৰাপ্য বিচাৰি বগীধলা চাহ বাগিচাৰ মালিক পক্ষক অনুৰোধ কৰাৰ সময়তে মালিক পক্ষই ১১ জনকৈ শ্ৰমিকক গুলীবিদ্ধ কৰিছিল (Fire on workers at Bogidhola tea estate) ৷ ইয়াৰ পাছৰ পৰাই লকআউট হৈ আছে বগীধলা চাহ বাগিচা (Bogidhola Tea Estate Golaghat) । শ্ৰমিকসকল নাজল-নাথল অৱস্থাৰে কৰ্মহীন হৈ পৰিছে ৷ বুধবাৰে গোলাঘাটত বাহৰ পাতি থকা কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে বাগিচাৰ সমস্যাৰ বুজ লয় (Kiren Rijiju at Bogidhola tea estate) ৷ বাগিচাখনত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শ্ৰমিকসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷
Last Updated : Feb 3, 2023, 8:34 PM IST