Body recovered : ISBT ৰ সমীপত উদ্ধাৰ অচিনাক্ত মৃতদেহ - গুৱাহাটী চিকিৎসা মহাবিদ্যালয়
Published : Oct 24, 2023, 1:56 PM IST
গুৱাহাটী, 23 অক্টোবৰ: ৰাজ্যজুৰি দুৰ্গা পূজাৰ আনন্দ-উৎসৱ অব্যাহত থকাৰ মাজতেই মহানগৰীত চাঞ্চল্যকৰ ঘটনা । ISBT ৰ সমীপত উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ । স্থানীয় লোকে জনোৱা অনুসৰি ISBT ৰ সমীপৰ বাথৌপুৰীৰ এটা ট্ৰেন্সফৰ্মাৰৰ তলত পৰি থকা অৱস্থাত প্ৰথমে প্ৰত্যক্ষ কৰে এগৰাকী মহিলাই । লগে লগে মহিলাগৰাকীয়ে স্থানীয় ৰাইজক খবৰ দিয়ে ।
পিছত স্থানীয় ৰাইজে গড়চুক থানাত ঘটনা সন্দৰ্ভত অৱগত কৰে যদিও এলেকাটো গড়চুক আৰক্ষীৰ অন্তৰ্গত নহয় বাবে ISBT Outpost ক খবৰ দিয়ে । বহু দেৰিৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো থানালৈ লৈ গৈ মৰণোত্তৰ পৰীক্ষাৰ বাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । পিন্ধনত নীলা চাৰ্ট আৰু লংপেন্ট পৰিহিত বৃদ্ধ বয়সৰ লোকজন বৰ্তমানেও চিনাক্ত হোৱা নাই ।
বৰ্তমানলৈ জানিব পৰা হোৱা নাই লোকজনৰ পৰিচয় তথা মৃত্যুৰ প্ৰকৃত কাৰণ ।
লগতে পঢ়ক:Moran news : আৰক্ষী বিষয়াৰ বাহনৰ খুন্দাত নিহত কিশোৰী, এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালৰ