Body recovered at Raha: ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ অচিনাক্ত মৃতদেহ - ৰহাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ
Published : Oct 21, 2023, 11:09 AM IST
ৰহা, 21 অক্টোবৰ: ৰহাত শুকুৰবাৰে পুৱাই উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ । ৰহাৰ নতুন চাৰিআলিৰ সমীপতে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ । অচিনাক্ত ব্যক্তিজনৰ গাড়ীৰ খুন্দাত মৃত্যু হ'ল নে কোনোবাই আনি মৃতদেহটো ৰহাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত পেলাই থৈ যায় সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত ৷
পুৱা স্থানীয় লোকে ৰাষ্ট্ৰীয় পথৰ ওপৰত মৃতদেহটো দেখি ৰহা আৰক্ষীক খবৰ দিয়ে আৰু ইয়াৰ পিচতেই তৎক্ষণাতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ।
উল্লেখ কৰা প্ৰয়োজন যে দুদিনৰ পূৰ্বেও ৰহাত উদ্ধাৰ হৈছিল এজন যুৱকৰ মৃতদেহ । বৰ্তমানলৈ মৃত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই ৷