Deforestation at Dibrugarh:পথ সম্প্ৰসাৰণৰ নামত ২,৫৫৩ জোপা গছৰ আহুতি - চিপিআই এমএল
ডিব্ৰুগড়,16 জুন: পৰিৱেশ সংৰক্ষণৰ অৰ্থে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গছ ৰোপণৰ বাবে লৈছে নতুন নতুন কাৰ্যসূচী । কিন্তু ৰাজ্য চৰকাৰৰ এনে পদক্ষেপৰ মাজতে ডিব্ৰুগড়ত মৰাণ- নাহৰকটীয়া পথ সম্প্ৰসাৰণৰ নামত চলিছে বন ধ্বংস কাৰ্য । পথ সম্প্ৰসাৰণৰ নামত ২৫৫৩ জোপা গছ কাটিব বিচৰাক লৈ তীব্ৰ বিৰোধীতা দল- সংগঠনৰ । গছ কটা বন্ধ কৰি পথ সম্প্ৰসাৰণৰ দাবী চিপিআই (এমএল) ডিব্ৰুগড় জিলা সমিতিৰ । চৰকাৰে পৰিৱেশ সংৰক্ষণৰ বাবে চলাইছে নানা প্ৰচাৰ । কিন্তু ডিব্ৰুগড় জিলাত ইয়াৰ ওলোটা ছবি বুলি ক্ষোভ প্ৰকাশ কৰিছে চিপিআই (এমএল) দলে । মৰাণ-নাহৰকটীয়া পথটি সম্প্ৰসাৰণৰ নামত ২৫৫৩ জোপা গছ কাটিব বিচৰাত আশ্চৰ্য প্ৰকাশ কৰিছে চিপিআই (এমএল) ডিব্ৰুগড় জিলা সমিতিয়ে । ইতিমধ্যে, গছ কটাৰ বিৰোধীতাৰে জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে চিপিআই (এমএল) য়ে ।
লগতে পঢ়ক :Orange alert in Assam: নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যত বান পৰিস্থিতি জটিল হোৱাৰ সম্ভাৱনা