অসম

assam

Football Tournament in Teok : টীয়কত ১৭ বছৰৰ অনুৰ্ধ বি মণ্ডলৰ ফুটবল প্ৰতিযোগিতা আৰম্ভ

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 2:10 PM IST

বি মণ্ডলৰ ফুটবল প্ৰতিযোগিতা

টীয়ক, ৮ অক্টোবৰ:অসম ফুটবল সন্থাৰ তত্বাবধানত যোৰহাট ক্ৰীড়া সন্থাৰ সৌজন্যত টীয়ক উপ ক্ৰীড়া সন্থা আৰু ৰজাবাৰী চাইক্লন ক্লাৱৰ সহযোগত শনিবাৰৰ পৰা ৰজাবাৰী খেলপথাৰত ১৭ বছৰৰ অনুৰ্ধ বি মণ্ডলৰ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে । উজনি অসমৰ বি মণ্ডলৰ যোৰহাট, শিৱসাগৰ, গোলাঘাট, মাজুলী, ধনশিৰি, বোকাখাটৰ জিলা পৰ্যায়ৰ শীৰ্ষ বিজয়ী দলৰ অংশগ্ৰহণেৰে উক্ত প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈছে ।

জিলাখনৰ বিভিন্ন স্থানত অনুষ্ঠিত হ'বলগীয়া এই বি মণ্ডলৰ প্ৰতিযোগিতাখনিত উদ্বোধনী খেলখন তিতাবৰ ফুটবল ক্লাব আৰু গোলাঘাট ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হয় । ইপিনে, দ্বিতীয়খন খেল মাজুলী ফুটবল ক্লাব আৰু বোকাখাতৰ মাজত অনুষ্ঠিত হয় । উল্লেখ্য় যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নৱপ্ৰজন্মৰ ফুটবল খেলুৱৈসকলক এই ফুটবল প্ৰতিযোগিতাৰ দ্বাৰা চিহ্নিত কৰি অনাগত দিনত দেশৰ ফুটবল দলত খেলিবলৈ সুবিধা প্ৰদানৰ বাবেই এইদৰে পৰ্যায়ক্ৰমে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হৈছে । সেয়ে উক্ত প্ৰতিযোগিতাখন সুচাৰুৰূপে পৰিচালনাৰ ক্ষেত্ৰত সকলো ক্ৰীড়াপ্ৰেমীৰ সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে ।

লগতে পঢ়ক:Assam CM on Amrit Kalash Yatra; কংগ্ৰেছে অমৃত কলহ যাত্ৰাক অপমান কৰাক লৈ মই দুখ পাইছো : মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details