অসম

assam

শিৱসাগৰত টাইপাৰ প্ৰতিবাদ

ETV Bharat / videos

TYPA protest in Sivsagar : ন্যাৰ্য প্ৰাপ্তিৰ দাবীত শিৱসাগৰত টাইপাৰ গৰ্জন - প্ৰতিবাদত কঁপি উঠিল শিৱসাগৰ

By

Published : Mar 9, 2023, 5:43 PM IST

শিৱসাগৰ, 9 মাৰ্চ :ৰাজ্যত আকৌ প্ৰতিবাদ (Protest in Assam)৷ এইবাৰ প্ৰতিবাদত কঁপি উঠিল শিৱসাগৰ জিলা ৷ ন্যাৰ্য প্ৰাপ্তিৰ দাবীত বৃহস্পতিবাৰে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দিনৰ প্ৰায় 11 বজাৰ পৰা এক তিনিঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাই (TYPA protest in Sivsagar) ।

টাইপাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত তথা শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত মূলত জনজাতি মৰ্যদা প্ৰদান, স্বায়ত্তশাসন প্ৰদানৰ লগতে শিৱসাগৰ জিলাৰ অন্তৰ্গত প্ৰাচীন কীৰ্তিচিহ্নসমূহ বেদখল মুক্ত কৰি সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ দাবীত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷ এই প্ৰতিবাদী কাৰ্যসূচীতে প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্ল’গান দি আকাশ-বতাহ কঁপাই তোলে ৷

লগতে পঢ়ক :Holi 2023 : আবিৰৰ ৰঙত ৰঙীণ বাণিজ্যৰ প্ৰাণকেন্দ্ৰ ফাঁচী বজাৰ

ABOUT THE AUTHOR

...view details