অসম

assam

জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুই যুৱকে

ETV Bharat / videos

Road accident in Jonai: জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুই যুৱকে - Two died in road accident

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 7:15 PM IST

জোনাই,৬ ছেপ্টেম্বৰ:বগীবিল দলঙৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে নিশা প্ৰায় ১১:০০ বজাত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা । জানিব পৰামতে কৰ্মসূত্ৰে জোনাইৰ পৰা ডিব্ৰুগড়লৈ এখন য়ামাহা বাইকত তিনিজন যুৱক একেলগে গৈ থকা অৱস্থাত পিছফালৰ পৰা আৰক্ষীয়ে খেদি অহাত নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে ।  

এই ভয়ংকৰ পথ দুৰ্ঘটনাত জোনাইৰ লাইমেকুৰী গাঁৱৰ ২৫ বছৰীয়া টেনজিং মিলি নামৰ যুৱকজন থিতাতে নিহত হোৱাৰ বিপৰীতে দুজনক সংকটজনক অৱস্থাত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও জোনাই মূৰ্কংচেলেক ৰে'লৱে ষ্টেচনৰ ন-গঞা গাঁৱৰ চাদ্দাম হুছেইন নামৰ যুৱকজনৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় । ইফালে দুৰ্ঘটনাত পতিত হোৱা বাহিৰ জোনাই গাঁৱৰ এজন যুৱক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে । 

লগতে পঢ়ক:Paban Singh Ghatowar Reaction: প্ৰতিবাদ কৰা মহিলাক বিজেপিৰ দুস্কৃতিকাৰী আখ্যা কংগ্ৰেছ নেতা ঘাটোৱাৰৰ

ABOUT THE AUTHOR

...view details