অসম

assam

সন্ধানহীন মৰাণৰ যুৱক

ETV Bharat / videos

Missing News : প্ৰায় 43 দিন ধৰি সন্ধানহীন মৰাণৰ দুজন যুৱক - Missing News

By

Published : Jul 9, 2023, 2:08 PM IST

ডিব্ৰুগড়, 9 জুলাই :ডিব্ৰুগড় জিলাৰ মৰাণৰ পৰা সন্ধানহীন দুজনকৈ যুৱক ।  প্ৰায় 43 দিন ধৰি সন্ধানহীন যুৱক দুজন । যোৱা 26 মে'ৰ পৰা নিৰুদ্দেশ হৈ আছে ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী থানাৰ দুলীয়া লাহোৱাল গাঁৱৰ প্ৰয়াত মুখেশ্বৰ গগৈৰ পুত্ৰ বিকি গগৈ (26) আৰু খোৱাং ৰাংচালি গাঁৱৰ বিনোদ গগৈৰ পুত্ৰ ৰাকেশ গগৈ ওৰফে লাডেন (23)। 26 মে'ৰ সন্ধিয়া ঘৰৰ পৰা ফুৰিবলৈ ওলাই যোৱাৰে পৰা আজিলৈকে সন্ধান নাই যুৱক দুজনৰ । যাৰবাবে দুয়োটা পৰিয়ালত এক প্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । 

যুৱক দুজনৰ নিৰুদ্দেশ সন্দৰ্ভত ইতিমধ্যে স্থানীয় খোৱাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে । ইফালে, যুৱক দুজনে আলফা (স্বাঃ)ত যোগদান কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে । যদিহে যুৱক দুজন আলফা (স্বাধীনলৈ) যোগদানৰ বাবে গৈছে, তেন্তে তেওঁলোকক ঘৰলৈ ঘূৰাই পঠিয়াবলৈ পৰেশ বৰুৱালৈ আহ্বান জনাইছে বিকি গগৈৰ ভাতৃয়ে । উল্লেখ কৰা প্ৰয়োজন যে, বিকি গগৈৰ মাতৃও বৰ্তমান শাৰিৰীকভাৱে অসুস্থ । মাতৃৰ মুখলৈ চাই ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে বিকি গগৈৰ ভাতৃয়ে ৷ 

লগতে পঢ়ক :West Bengal Panchayat polls: স্পৰ্শকাতৰ বুথৰ সবিশেষ প্ৰদান কৰা হোৱা নাছিল বি এছ এফক

ABOUT THE AUTHOR

...view details