Asia Pacific Masters Games 2023: এছিয়ান পেছিফিক গেমছলৈ নাহৰকটীয়াৰ দুগৰাকী মহিলা - এছিয়ান পেছিফিক গেমছ
ডিব্ৰুগড়, 10 মে’: দক্ষিণ কোৰিয়াৰ জিয়নবাকত অনুষ্ঠিত হ'বলগা এছিয়ান পেছিফিক গেমছত ভাৰতবৰ্ষৰ হৈ প্ৰতিনিধিত্ব কৰিব নাহৰকটীয়াৰ দুগৰাকী মহিলা খেলুৱৈয়ে ৷ 12 মে’ৰ পৰা দক্ষিণ কোৰিয়াত হ'বলগীয়া এছিয়ান পেছিফিক মাষ্টাৰ্ছ গেমছত অসমৰ 31 গৰাকীকৈ মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ৷ এই 31 গৰাকী মহিলা খেলুৱৈৰ ভিতৰত নাহৰকটীয়াৰ দুগৰাকী মহিলা খেলুৱৈয়েও এই ক্ৰীড়া প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিব দেশক (Asia Pacific Masters Games 2023) ৷
এই ক্ৰীড়া প্ৰতিযোগিতাত নাহৰকটীয়াৰ লাচিত নগৰৰ বোৱাৰী হেমী দাসে ছটপুট থ্ৰো, দিচকাচ থ্ৰো আৰু জেবলিন ইভেণ্টত অংশগ্ৰহণ কৰিব ৷ একেদৰে নাহৰকটীয়াৰ দীঘলা পথাৰৰ নিতুমনি হাজৰিকাই হামাৰ থ্ৰো, দিচকাচ থ্ৰো আৰু ছটপুট থ্ৰো ইভেণ্টত অংশগ্ৰহণ কৰিব (Asian pacific Masters games) ৷
উল্লেখযোগ্য যে, মঙলবাৰে এই দুগৰাকী মহিলা দিল্লীলৈ ৰাওনা হোৱাৰ পূৰ্বে নাহৰকটীয়াৰ কেইবাটাও দল-সংগঠনে খেলুৱৈ দুগৰাকীক একোখনকৈ ফুলাম গামোচাৰে শুভেচ্ছা জ্ঞাপন কৰে ৷
লগতে পঢ়ক:Two years of HBS govt: হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিত নগাঁওবাসীৰ মতামত