Allegation against Jonais Administration :জোনাইত একে পঞ্জীয়নযুক্ত নম্বৰেৰে চলিছে বাহন - জোনাইত একে পঞ্জীয়নযুক্ত নম্বৰেৰে চলিছে বাহন
Published : Sep 30, 2023, 9:32 PM IST
জোনাই, ৩০ ছেপ্টেম্বৰ:জোনাইত প্ৰশাসনৰ চকুত ধূলি মাৰি একে পঞ্জীয়নযুক্ত নম্বৰেৰে দীৰ্ঘ দিনৰ পৰা চলিছে দুখন বাহন । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা Kushal Timber Trading Depotৰ পৰা একে পঞ্জীয়নযুক্ত (পঞ্জীয়ন নং AR 09A 6394) কাঠভৰ্তি দুখন বাহন স্থানীয় ৰাইজে জব্দ কৰে । এই ঘটনাৰ পিচতে জোনাই মহকুমা বন বিষয়াক ৰাইজে খবৰ দিয়ে।
পিচত ঘটনাস্থলীত জোনাই বন বিভাগৰ লোক উপস্থিত হোৱাত স্থানীয় ৰাইজে বাহন দুখন বন বিভাগক গতাই দিয়ে । ইফালে, কিছু সময়ৰ পিচতে ৰহস্যজনকভাৱে বাহন দুখন উক্ত স্থানৰ পৰা নাইকীয়া হোৱাত বন বিভাগে মুকলি কৰি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । ইফালে বন বিভাগৰ এনে ৰহস্যজনক ঘটনাক লৈ বৃহৎ অংকৰ ধনৰ লেনদেনেৰে জৰিয়তে দীৰ্ঘ দিনৰ পৰা একে পঞ্জীয়ন যুক্ত বাহন চলাই থকা বুলি অভিযোগ তুলি অতি শীঘ্ৰে প্ৰশাসনক তদন্তৰ কৰিবলৈ দাবী তুলিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।
TAGGED:
জোনাই মহকুমা বন বিষয়া