Teenagers went missing: ব’লব’ম যাত্ৰালৈ গৈ অৰুণাচলৰ চিয়াং নদীত সন্ধানহীন দুই কিশোৰ - অৰুণাচলৰ চিয়াং নদী সন্ধানহীন দুই যুৱক
জোনাই, 21 আগষ্ট : জোনাইত অঘটন ৷ সোমবাৰে পুৱতি নিশা ব’লবম উপলক্ষে চিয়াং নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছে দুজন কিশোৰ ৷ সন্ধানহীন কিশোৰ দুজন ক্ৰমে জোনাইৰ উদয়পুৰ গাঁৱৰ পৱন চাহানীৰ পুত্ৰ কানায়া চাহানী আৰু ৰাজশ চাহানীৰ পুত্ৰ ৰবি ওৰফে গলু চাহানী বুলি জানিব পৰা গৈছে ৷ বৰ্তমানলৈকে লাভ কৰা নাই সন্ধানহীন কানায়া চাহানী আৰু ৰবি চাহানী ওৰফে গলু চাহানীৰ কোনো সম্ভেদ ৷
জানিব পৰা মতে, জোনাইৰ পৰা পাচিঘাটলৈ ব’লব’ম যাত্ৰালৈ গৈছিল কানায়া চাহানী আৰু গলু চাহানী ৷ কেৱল এই দুই কিশোৰেই নহয় ডাঙৰীয়া বাবা মন্দিৰ দৰ্শনৰ বাবে তেওঁলোকৰ সৈতে আছিল দুয়োৰে পিতৃ আৰু অন্য লোক ৷ সকলো ঠিকেই আছিল ৷
ব’লব’ম যাত্ৰা কৰাৰ অন্তত সোমবাৰে পুৱতি নিশা অন্য লোকৰ সৈতে অৰুণাচলৰ চিয়াং নদীত গা ধুবলৈ নামিছিল কানায়া চাহানী আৰু গলু চাহানী ৷ কিন্তু হঠাতে পানীৰ সোঁতে উটুৱাই নিয়ে দুয়ো কিশোৰক ৷ কানায়া চাহানী আৰু গলু চাহানীৰ কোনো সম্ভেদ নাপায় চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক ৷
লগতে পঢ়ক :Road Accident at Kaliabor: কলিয়াবৰত যাত্ৰাবাহী বাছ আৰু ব্যক্তিগত বাহনৰ মাজত সংঘৰ্ষ