অসম

assam

শিলচৰ কাৰাগাৰৰ পৰা পলায়ন দুই কয়দীৰ

ETV Bharat / videos

Two prisoners escaped: শিলচৰ কাৰাগাৰৰ পৰা পলায়ন দুই কয়দীৰ - Two prisoners escaped

By

Published : May 11, 2023, 6:02 PM IST

শিলচৰ, 11 মে’: শিলচৰ কাৰাগাৰত অঘটন সংঘটিত হৈছে ৷ বুধবাৰে নিশা কাৰাগাৰৰ দেৱালৰ তলেৰে সুৰংগ খান্দি পলায়ন কৰে দুটা কয়দীয়ে (Two prisoners escaped)। পলায়ন কৰা কয়দী দুটা হৈছে দীপ নুনিছা আৰু হিফজুৰ ৰহমান । হত্যাকাণ্ড সংঘটিত কৰি কাৰাৰুদ্ধ হৈ আছিল দুয়োটা বন্দী । পলায়ন কৰা দীপ নুনিশাৰ ঘৰ শিলচৰ গুংগুৰত আৰু হিফজুৰ ৰহমানৰ ঘৰ কৰিমগঞ্জ জিলাৰ বংগা অঞ্চলত (Two prisoners escape from Silchar jail)। 

শেহতীয়াকৈ নিৰাপত্তাজনিত কাৰণৰ বাবে কৰিমগঞ্জ জিলা কাৰাগাৰৰ পৰা শিলচৰ কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছিল কয়দী হিফজুৰক । এই ঘটনাৰ খবৰ লাভ কৰি ততালিকে শিলচৰ কাৰাগাৰত কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক গৰাকী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ এতিয়ালৈ পলাতক কয়দী দুটাৰ কোনো শুংসূত্ৰ লাভ কৰা নাই ৷ 

লগতে পঢ়ক:Raid in MC College Hostel: চাইবাৰ অপৰাধৰ গোচৰত গ্ৰেপ্তাৰ এম চি কলেজৰ ছাত্ৰক

ABOUT THE AUTHOR

...view details