Wood seized in Morigaon : মৰিগাঁৱত বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডাসহ আটক দুজন - কাঠৰ চোৰাং ব্যৱসায়
মৰিগাঁও, ২৮ মে’ : মৰিগাঁৱত অব্যাহত আছে কাঠৰ চোৰাং ব্যৱসায় ৷ বিভিন্ন সময়ত মৰিগাঁও বন বিভাগৰ তৎপৰতাত চোৰাংভাৱে সৰবৰাহ কৰা বহু কাঠ জব্দ কৰাৰ লগতে আটক কৰিবলৈ সক্ষম হৈছে বহু চোৰাং ব্যৱসায়ীয়ো ৷ শনিবাৰেও এনে এক ঘটনাই সংঘটিত হৈছিল মৰিগাঁৱত ৷
অৱশ্যে মৰিগাঁও বনাঞ্চলিক কৰ্মচাৰীৰ তৎপৰাত অবৈধভাৱে কাঠ কঢ়িওৱা এখন বাহন জব্দ কৰিবলৈ সক্ষম হয় ৷ এই জব্দকৃত বাহনখনত আছিল ১৮ টা চেগুণ কাঠৰ কুণ্ডা ৷ লগতে বনকৰ্মীৰ দলটোৱে এই চোৰাং সৰবৰাহৰ লগত জড়িত দুজনক আটক কৰিবলৈ সক্ষম হয় (Huge amount of wood seized in Morigaon) ৷
অভিযুক্ত দুয়োৰে ঘৰ মৰিগাঁও জিলাৰ আঁহতগুৰিত বুলি জানিব পৰা হৈছে । ধৃত অভিযুক্ত ক্ৰমে প্ৰবীণ দাস (২৮) আৰু অমল দাস (১৮) । আনহাতে, বনকৰ্মীৰ চকুত ধূলি দি এটা অভিযুক্ত পলাই যাবলৈ সক্ষম হয় বুলি উল্লেখ কৰে মৰিগাঁও বনাঞ্চলিক বিষয়া ৰবীণ বৈশ্যই । পলাতক অভিযুক্তটো ভক্ত পাটৰ বুলি জানিব পৰা গৈছে ।
ইফালে জব্দকৃত বাহনখনৰ নম্বৰ হৈছে AS ২১ C ১৮৫২ ৷ জব্দকৃত কাঠখিনি প্ৰায় ৩৪ ঘনফুট দৈঘ্যৰ লগতে ইয়াৰ বজাৰ মূল্য প্ৰায় ৫০,০০০ টকা । মৰিগাঁও বনাঞ্চলিক বিষয়াগৰাকীয়ে উল্লেখ কৰা অনুসৰি, জব্দকৃত গাড়ীসহ কাঠসমূহ বৰ্তমান মৰিগাঁও বনাঞ্চলিক কাৰ্যালয়ৰ চৌহদতে ৰখা হৈছে । এই কাঠসমূহ তেঁতেলীয়া-বঘৰা সংৰক্ষিত বনাঞ্চলৰ পৰা সৰবৰাহ উদ্দেশ্যে অনা হৈছিল বুলি সন্দেহ কৰা হৈছে ।
মৰিগাঁও বনাঞ্চলিক বিষয়া ৰবীণ বৈশ্যই উল্লেখ কৰা অনুসৰি, আটকাধীন দুই অভিযুক্ত বৰ্তমান মৰিগাঁও থানাত আছে ৷ অধিক তথ্যৰ বাবে আটকাধীন দুয়োকৈ আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক :Raid against Fake currency: নগাঁৱৰ নিজ বাসগৃহৰ চিলিঙত লুকাই থকা অৱস্থাত আটক জালনোট সৰবৰাহকাৰী