Clash between two groups: প্ৰাপ্য টকাক লৈ স্বামীৰে মিলি আত্মসহায়ক গোটৰ সদস্যক আক্ৰমণ সম্পাদিকা - মহিলাক প্ৰহাৰ কৰাৰ অভিযোগ
ৰঙিয়া, ১৪ আগষ্ট :ৰঙিয়াৰ ২ নং ডোৱকত মাৰপিটৰ ঘটনা । ঋণৰ টকা উভতাই দিবলৈ কোৱাৰ বাবে দুগৰাকী আত্মাসহায়ক গোটৰ কৰ্মীক আক্ৰমণ । অভিযোগ অনুসৰি, মাজনী আত্মসহায়ক গোট আৰু সমূহীয়া আত্মসহায়ক গোটৰ ১২ জনীয়া মহিলাৰ দলক আক্ৰমণ কৰে খোদ মাজনী আত্মসহায়ক গোটৰ সম্পাদিকা পিংকি চৌধুৰী আৰু পিংকিৰ স্বামীয়ে ।
আত্মসহায়ক গোটৰ সদস্যই অভিযোগ অনুসৰি, ৰঙিয়াৰ নিকটৱৰ্তী ২ নং ডোবকৰ মাজনী আত্মসহায়ক গোটৰ সম্পাদিকা পিংকি চৌধুৰীয়ে ৭০ হাজাৰকৈ টকা নিজৰ নামত লৈছিল ঋণ ৷ কিন্তু তেওঁ সময়মতে কৰা নাই ঋণ পৰিশোধ । ইয়াৰোপৰি অন্য মহিলাসকলে জমা দিয়া প্ৰায় ১ লাখ ৪০ হাজাৰ ঋণৰ টকাও আত্মসাৎ কৰে পিংকি চৌধুৰীয়ে । যাৰ ফলত পৰৱৰ্তী ঋণ লাভৰ পৰা বঞ্চিত হৈছে গোটটোৰ অন্তৰ্গত অন্য সদস্যসকল ।
এই সন্দৰ্ভত মাজনী আত্মসহায়ক গোট আৰু সমূহীয়া আত্মসহায়ক গোটৰ মহিলাসকলে পিংকি চৌধুৰীৰ ওচৰলৈ গৈছিল ৷ কিন্তু টকা ঘূৰাই দিয়াৰ পৰিৱৰ্তে পিংকি চৌধুৰী আৰু তেওঁৰ গিৰিয়েক ফাৰুকুদ্দিনে মহিলাসকলক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত কৰিছে ৷ ইতিমধ্যে সন্দৰ্ভত ৰঙিয়া থানাত আত্মসহায়ক গোটটোৰ সদস্যসকলে অভিযুক্ত পিংকি চৌধুৰী আৰু পিংকিৰ স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ।
লগতে পঢ়ক :Drugs peddler detained: মৰিগাঁৱত ড্ৰাগছসহ আটক শ্বাহজাহান আলীক